গুৱাহাটী,28 ছেপ্তেম্বৰ: গুৱাহাটী প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ শক্তিয় অসম নামৰ সংগঠনটোৱে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলখনৰ জৰিয়তে সংগঠনটোৱে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষা সন্দৰ্ভত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷
সোণোৱাল চৰকাৰৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱ শক্তি - Guwahati Press Club
গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে ৷ শেহতীয়াকৈ অসম আৰক্ষী উপ-পৰিদৰ্শকৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ উচিত তদন্তৰ দাবীত চৰকাৰক কঠোৰ সমালোচনা কৰে সংগঠনটোৱে ৷
গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল
সংগঠনটোৰ বিষয়-ববীয়া সকলে কয় যে, শূন্য সহনশীল চৰকাৰ নে নীতি সহনশীল চৰকাৰ তাক ঠাৱৰ কৰা টান হৈ পৰিছে ৷ কিয়নো এই চৰকাৰে ৰাজ্যৰ লক্ষাধিক নিবনুৱা যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ হেতালি খেলা দেখা গৈছে ৷ উল্লেখ্য যে,পূৰ্বতেও ৰাজ্য চৰকাৰৰ পোষকতাত অনুষ্ঠিত হোৱা বিভিন্ন চাকৰিৰ পদৰ বাছনি পৰীক্ষাত দুৰ্নীতি তথা অনিয়ম সংঘটিত হৈছিল ৷ সেয়ে সংগঠনটোৱে ৰাজ্য চৰকাৰক সংবাদমেলৰ জৰিয়তে কঠোৰ সমালোচনা কৰি এই দুৰ্নীতিৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰিবলৈ আহ্বান জনায় ৷