গুৱাহাটী, 23 ডিচেম্বৰ:আজি গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেশৱ মহন্ত আৰু সাংসদ পল্লৱ লোচনৰ তৎপৰতাত এক সংবাদমেল অনুষ্ঠিত হয় ৷ য'ত CAAৰ আন্দোলনৰ সময়ত হোৱা বিভিন্ন ঘটনাৰ লগতে কেইবাটাও চৰকাৰী বিষয়ত মন্তব্য আগবঢ়ায় ৷
CAA লৈ আন্দোলনৰ নামত কৰা চৰকাৰী সম্পত্তি ধংস আৰু চ'চিয়েল মিডিয়াত বিভ্ৰান্ত মূলক মন্তব্য তথা পোষ্ট আৰু তেনে পোষ্ট কৰা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
চাহ বাগিচাৰ লোক সকলক বিভ্ৰান্ত কৰিবলৈ বাংলাদেশী হিন্দু লোকক বাগিচাত সংস্থাপন দিব বুলি অপপ্ৰচাৰ কৰা ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা ল'ব ।