অসম

assam

ETV Bharat / state

Rangali Bihu 2023: বেলতলা ব'হাগী উৎসৱলৈ আহিব বলিউড অভিনেত্ৰী ৰবীনা টেণ্ডন

তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বেলতলা ব'হাগী উৎসৱ ৷ এইবাৰ ব'হাগী উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে ৷ অভিনেত্ৰী গৰাকীক প্ৰদান কৰা হ'ব 2023 বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ৷ চিকিৎসাধীন বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিয়ে আগবঢ়াইছে দুই লাখ টকাৰ অৰ্থ সাহাৰ্য (Rangali Bihu celebration at Beltola) ৷

By

Published : Apr 2, 2023, 11:02 AM IST

Rangali Bihu celebration at Beltola
বেলতলা ব'হাগী উৎসৱলৈ আহিব বলিউড অভিনেত্ৰী ৰবীনা টেণ্ডন

বেলতলা ব'হাগী উৎসৱলৈ আহিব বলিউড অভিনেত্ৰী ৰবীনা টেণ্ডন

গুৱাহাটী, 2 এপ্ৰিল: হেপাঁহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ ৰাজ্যজুৰি চলিছে হেপাঁহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্ততি ৷ ব্যতিক্ৰম নহয় মহানগৰীও ৷ গুৱাহাটী মহানগৰীতো দেখা গৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি ৷

৪৪ বছৰত ভৰি দিলে মহানগৰীৰ ঐতিহ্যমণ্ডিত বেলতলা ব'হাগী উৎসৱে ৷ এইবাৰ 20 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বেলতলা ব'হাগী উৎসৱ ৷ শনিবাৰে এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে বেলতলা ব'হাগী উৎসৱৰ উদযাপন সমিতিয়ে (Rangali Bihu celebration at Beltola) ৷

এইবাৰ ব'হাগী উৎসৱত অংশগ্ৰহণ কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে ৷ ২২ এপ্ৰিলত মোহময়ী অভিনেত্ৰীগৰাকীয়ে অংশ ল'ব বেলতলা ব'হাগী উৎসৱত ৷ ২২ এপ্ৰিলৰ সন্ধিয়া বলিউডৰ অভিনেত্ৰীগৰাকীক প্ৰদান কৰা হ'ব 2023 বৰ্ষৰ ড৹ ভূপেন হাজৰিকা বঁটা ৷ এই বঁটাত আছে নগদ দুই লাখ টকা, স্মাৰক আৰু মানপত্ৰ (Bhupen Hazarika Award 2023) ৷ 2012 চনৰ পৰা ড৹ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰি আহিছে বেলতলা ব'হাগী উৎসৱ উদযাপন সমিতিয়ে ৷ লগতে লোকসংগীতৰ সাধক মন্মথ বৈশ্যৰ সোঁৱৰণত সংগীতশিল্পী তৰালী শৰ্মাকো প্ৰদান কৰা হ'ব বঁটা ৷

আনহাতে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত হ'ব পাটমাদৈ আৰু বিহু হুঁচৰি প্ৰতিযোগিতা ৷ অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰা নাচনীসকলেহে অংশগ্ৰহণ কৰিব পাটমাদৈ প্ৰতিযোগিতাত ৷ পাটমাদৈ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে নগদ দুই লাখ টকাৰ পুৰস্কাৰৰ লগতে লাভ কৰিব স্মাৰক, মানপত্ৰ ৷ সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলে স্মাৰক, মানপত্ৰৰ লগতে লাভ কৰিব এক লাখ এক টকাৰ নগদ ধনৰ পুৰস্কাৰ (Raveena Tandon attending Beltala Bohagi Festival) ৷

এইবাৰ বেলতলা ব'হাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হ'ব জুবিন-জুবলীৰ সংগীতানুষ্ঠান ৷ লগতে তিনিদিনীয়াকৈ আয়োজন কৰা এই ব'হাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব দীপলিনা ডেকা, শংকুৰাজ কোঁৱৰে ৷ লগতে বেহাৰবাৰী আউটপোষ্টৰ কে কে আৰু প্ৰীতম বৰুৱাৰ হাস্যমধুৰ অনুষ্ঠানো থাকিব বুলি জনাইছে উদযাপন সমিতিয়ে (Press meet on bihu celebration at Beltola) ৷

আনহাতে চিকিৎসাধীন হৈ থকা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মালৈ বেলতলা ব'হাগী উৎসৱৰ উদযাপন সমিতিয়ে আগবঢ়াইছে দুই লাখ টকাৰ অৰ্থসাহাৰ্য (Bihu celebration at Beltola) ৷

লগতে পঢ়ক:Cricket Match in Guwahati: অমীমাংসিতভাৱে সমাপ্ত জজ খেলপথাৰত অনুষ্ঠিত প্ৰীতি ক্ৰিকেট মেচ

ABOUT THE AUTHOR

...view details