অসম

assam

ETV Bharat / state

2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জনসাধাৰণক আঁভূৱা ভৰাৰ বাজেট: ৰিপুণ বৰা

চৰকাৰে কৃষিখণ্ডৰ বাবে 1801 কোটি টকা 2018-19 ৰ বাজেটত ঘোষণা কৰিছিল ৷ কিন্তু ইয়াৰে 575 কোটি টকা মাত্ৰ 250 গৰাকী কৃষকে লাভ কৰে । বাজেটত ঘোষণা কৰা অনুসৰি কোনো কাম কাৰ্যত পৰিষ্ফুট নহ’ল- এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ৷

By

Published : Dec 22, 2020, 5:52 PM IST

Press meet of Ripun Bora at guwahati assam etv bharat news
ৰিপুণ বৰাৰ সংবাদমেল

গুৱাহাটী,22 ডিচেম্বৰ: অসম চৰকাৰৰ 2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জন সাধাৰণক আঁভূৱা ভৰাৰ বাজেট ৷ এই বাজেটে সৰ্বসাধাৰণৰ একো উপকাৰ সাধন নকৰে ৷ ইয়াৰোপৰি বিজেপিয়ে তেওঁলোকৰ ভিজন ডকুমেণ্টটো প্ৰতাৰণা কৰিছে ৰাইজক ৷ 2018-19 ৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । মঙলবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা কেতবোৰ আঁচনিকলৈ এইদৰে সৰৱ হোৱা দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক ৷

ৰিপুণ বৰাৰ সংবাদমেল

ৰাজ্য চৰকাৰৰ 2018-19 বিত্তীয় বৰ্ষৰ বাজেট সম্পৰ্কত সংবাদমেল সম্বোধন কৰি তীব্ৰ আক্ৰমণাত্মক বক্তব্য আগবঢ়াই ৰিপুণ বৰাই ৷ বৰাৰ মন্তব্য এনেধৰণৰ- ‘চৰকাৰে কৃষিখণ্ডৰ বাবে 1801 কোটি টকা 2018-19 ৰ বাজেটত ঘোষণা কৰিছিল ৷ কিন্তু ইয়াৰে 575 কোটি টকা মাত্ৰ 250 গৰাকী কৃষকে লাভ কৰে । বাজেটত ঘোষণা কৰা অনুসৰি কোনো কাম কাৰ্যত পৰিষ্ফুট নহ’ল ৷ ইয়াৰোপৰি 92% লোকক অটল অমৃত যোজনাত অন্তৰ্ভূক্ত কৰি বাজেটত MD india নামৰ এখন ফাৰ্মক অটল অমৃতৰ কাৰ্ড তৈয়াৰ কৰিবলৈ দিছিল যদিও কোম্পানীটোক কাৰ্ড বনোৱাৰ বাবদ পইচা দিব নোৱাৰাৰ বাবে এখন কাৰ্ডো দিব নোৱাৰিলে ৷’

চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰা

চিকিৎসাৰ ক্ষেত্ৰত ধাৰ্য কৰা বিত্তীয় বাজেটকলৈও সমালোচনা কৰে বৰাই ৷ কেঞ্চাৰ আক্ৰান্ত লোকক 11 খন জিলাৰ অসামৰিক আৰু 6 খন চৰকাৰী চিকিৎসালয়ত 2019 চনৰ জুন মাহৰ ভিতৰত চৰকাৰে কেঞ্চাৰ ইউনিট সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আধাৰশিলাতে সীমাবদ্ধ থাকিল ৷

চৰকাৰে 10 খন আইন মহাবিদ্যালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে সেয়া পূৰণ কৰিব নোৱাৰিলে । সমান্তৰালভাৱে 79 হাজাৰ কোটি টকা খৰচ কৰি এডভাণ্টেজ আছাম নামৰ অনুষ্ঠানটো পাতিছিল যদিও তাৰপৰা কোনো সহায় নহ’ল অসমৰ । এডভাণ্টেজ আছামৰ জৰিয়তে 67 টা কোম্পানীয়ে বুজাবুজিৰ পত্ৰত স্বাক্ষৰ কৰিছিল যদিও অসমত এক টকাও বিনিয়োগ কৰা নহ'ল । চৰকাৰে কেৱল চমক সৃষ্টিৰ বাবে বাজেট প্ৰস্তুত কৰে আৰু পিছ মুহুৰ্ততে তাক ডাষ্টবিনত পেলায় ৷

আনহাতে, বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ বিষয়তো আক্ৰমণাত্মক হোৱা দেখা যায় ৰিপুণ বৰাক ৷ দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে সবাৰ্ধিক দুৰ্নীতি হোৱা বুলি চৰকাৰক কটাক্ষ কৰে ৰিপুণ বৰাই ৷

বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে, বিটিচি নিৰ্বাচনৰ জৰিয়তে আমাৰ ভেটি সুদৃঢ় কৰিছো বুলি দাবী উত্থাপন কৰে । 12 টা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰে ৰিপুণ বৰাই । আমি হাৰিছো যদিও আমাৰ ভোটৰ সংখ্যা বাঢ়িছে । পৰৱৰ্তী বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অকলে বিটিচিৰ চাৰি সমষ্টিত জয়ী হ’ব বুলি দাবী কৰে ৰিপুণ বৰাই ৷

লগতে চাওকঃগুৱাহাটীৰ বিভিন্ন ঠাইত আয়কৰ বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details