গুৱাহাটী, ৫ আগষ্ট : সমাগত লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব অসম গণ পৰিষদে ৷ ইতিমধ্যে দলৰ ভেঁটি শক্তিশালী কৰাৰ বাবে উঠি-পৰি লাগিছে অসম গণ পৰিষদ ৷
লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো লোকসভা সমষ্টিত কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰা হৈছে-এই মন্তব্য অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ ৷ তেওঁ কয় যে আমি এইবাৰ নিৰ্বাচন অকলশৰীয়াকৈ খেলাৰ সিদ্ধান্ত লোৱা নাই ৷ দলৰ পৰা এনআৰচিৰ উন্নীতকৰণ আৰু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ দাবী কৰা হৈছে ৷ এই কাম সম্পূৰ্ণ হোৱাৰ পাছত আমি লোকসভা নিৰ্বাচন ক’ত ক’ত খেলিম সেই কথা ঠিক কৰিম ৷ পঞ্চায়ত নির্বাচনতো অংশ লব অসম গণ পৰিষদে ৷ অসম গণ পৰিষদৰ প্ৰতি নতুন তেজ আকৰ্ষিত হৈছে বুলি তেওঁ কয় ৷ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াক অসম গণ পৰিষদ দলে আদৰণি জনাইছে বুলিও কয় মন্ত্ৰীজনে ৷
তেওঁ কয় যে, বৰ্তমান সময়ত যথেষ্ঠ সংখ্যক যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী অসম গণ পৰিষদ দলত যোগদান কৰিছে ৷ দলৰ এই উৎসাহী কৰ্মকৰ্তাসকলক দেখি আমিও উৎসাহিত হৈছোঁ ৷ আমাৰ দৃঢ় বিশ্বাস যে অনাগত দিনত আমাৰ দলটোক নতুন তেজৰ আমদানিৰে নিশ্চয় অধিক শক্তিশালী কৰিব পাৰিম ৷ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত আমি বহুতো নতুন চিন্তাধাৰা সংযোজন কৰিছোঁ ৷ জাতীয়তাবাদৰ দৃষ্টিভংগীৰে দলটোক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ বুলি কয় মন্ত্ৰীজনে ৷