অসম

assam

ETV Bharat / state

Srimanta Sankaradeva Kalakshetra: দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানীৰে মুখৰিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ - Srimanta Sankaradeva Kalakshetra

সুদীৰ্ঘ ৩৫ বছৰ পাছত অসমত অনুষ্ঠিত হ'ব ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী । ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল এই প্ৰদৰ্শনী । ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ কলাক্ষেত্ৰত ‍অনুষ্ঠিত হ'ব এই প্ৰদৰ্শনী । দেশৰ ২২ খন ৰাজ্যই অংশগ্ৰহণ কৰিব । সংবাদমেল যোগে এই কথা সদৰী কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ।

Press meet by Education Minister Ranoj Pegu in
দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানীৰে মুখৰিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

By

Published : Nov 20, 2022, 1:51 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ: সুদীৰ্ঘ ৩৫ বছৰ পাছত অসমত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী (National Childrens Scientific Exposition)। ১৯৮৬ চনত প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছিল এই প্ৰদৰ্শনী । সুদীৰ্ঘ ৩৫ বছৰৰ অন্তত এইবাৰ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ৪৯ সংখ্যক এই প্ৰদৰ্শনী (Srimanta Sankaradeva Kalakshetra) । পূৰ্বে জৱাহৰলাল নেহেৰুৰ নামেৰে আছিল এই শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ।

এতিয়া ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী নামাকৰণ কৰা হৈছে । এইবাৰ ৪৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনী ২২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ কলাক্ষেত্ৰত ‍অনুষ্ঠিত হ’ব । আজি গুৱাহাটীৰ কাহিলিপাৰাস্থ অসম ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu)।

উল্লেখ যে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সৌজন্যত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে । শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে পাঁচদিনীয়াকৈ আয়োজন কৰা এই প্ৰদৰ্শনীত দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানী আৰু সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব । এই প্ৰদৰ্শনীত নৱোদয় বিদ্যালয় আৰু চেন্ট্ৰেল স্কুলৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিব ।

এই প্ৰদৰ্শনীৰ দ্বাৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে লাভান্বিত হ’ব বুলি উল্লেখ কৰি তেওঁ সকলোকে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় । ৰাষ্ট্ৰীয় শিশু বৈজ্ঞানিক প্ৰদৰ্শনীত অসমৰ ১৯ টা দলে অংশগ্ৰহণ কৰিব । প্ৰদৰ্শনীত মুঠ ১৬৪ খন ষ্টল থাকিব আৰু বৈদিক যুগৰ বৈজ্ঞানিক বিষয়ো প্ৰদৰ্শিত হ’ব । এই বৈজ্ঞানিক প্ৰদৰ্শনীত দেশৰ ২২ খন ৰাজ্যই অংশগ্ৰহণ কৰিব । সমগ্ৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীসকলক অনা নিয়া কৰাৰ লগতে সমগ্ৰ দিশটো তদাৰক কৰিব বুলি তেওঁ কয় ।

দেশৰ ৪৬৭ গৰাকী শিশু বিজ্ঞানীৰে মুখৰিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বৈজ্ঞানিক প্ৰদৰ্শনী ২২ নৱেম্বৰত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব । প্ৰদৰ্শনীত আদৰ্শ বিদ্যালয় সংগঠনেও অংশগ্ৰহণ কৰিব । আনহাতে সন্ধিয়া ৫ বজালৈ মুকলি থাকিব প্ৰদৰ্শনী । সেইদৰে প্ৰত্যেক দিনাই সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ।

তদুপৰি প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ৰাতিৰ আকাশ পৰ্যবেক্ষণৰ ব্যৱস্থা, পক্ষী নিৰীক্ষণৰ বিশেষ ব্যৱস্থা কৰা হৈছে । আনহাতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ 'স্পেছ অন হুইল'ৰ প্ৰদৰ্শনৰো বিশেষ ব্যৱস্থা কৰা হৈছে । সংবাদমেলত এছ চি ই আৰ টিৰ অধ্যক্ষা ডঃ নীৰদা দেৱীকে ধৰি উদ্যোক্তা সংগঠনৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক:Lurinjyoti Gogoi Reaction: অসম ৰাজ্যিক চিৰিয়াখানা নিশকতীয়া কৰাৰ চেষ্টা কৰিছে চৰকাৰে !

ABOUT THE AUTHOR

...view details