অসম

assam

Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

By

Published : Oct 14, 2022, 10:47 AM IST

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দশন কৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হয়(Draupadi Murmu visited Kmakhya) ৷

President Draupadi Murmu visited Kamakhya today
Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশী৷ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

গুৱাহাটী, 14 অক্টোবৰ: আজি অসমত দ্বিতীয়টো দিন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ (Draupadi Murmu 2nd day in Assam) ৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে শুকুৰবাৰে পুৱা নিলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ দশন কৰে ৷ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হয়(Draupadi Murmu visited Kmakhya)৷

মা কামাখ্যাৰ আশী৷ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

ৰাষ্ট্ৰপতিগৰাকীক সহযোগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখী, বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আদিয়ে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে কামাখ্যা মন্দিৰত উপস্থিত হৈ মা কামাখ্যা দেৱীৰ আশীষ লয় ৷

উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পিছেই প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে অসমত উপস্থিত হয় দ্ৰৌপদী মুৰ্মু (President Draupadi Murmu in Guwahati) ৷ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুয়ে বৃহস্পতিবাৰে দিনত গুৱাহাটী আই আই টিৰ পৰা ভার্চুৱেলী ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালখন উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড় আৰু জবলপুৰত স্থাপন কৰিবলগীয়া ৰাষ্ট্ৰীয় ভাইৰোলজী প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে (President Droupadi Murmu will inaugurate DMCH) ।

মা কামাখ্যাৰ আশী৷ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

ইয়াৰ পাছত সন্ধিয়া তেওঁ খানাপাৰাত থকা অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি কইনাধৰাত থকা ৰাজ্যিক অতিথিশালাত নিশা কটায় (Droupadi Murmu attend several government functions) । আজি পুৱাই মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

ইয়াৰ পিছত ৰাষ্ট্ৰপতিগৰাকীয়ে তিনি হাজাৰ মডেল অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰাৰ লগতে মিছন সৌভাগ্য শুভ উদ্বোধন কৰিব । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে চাহ বাগিচা এলেকাত স্থাপন কৰিবলগীয়া এশখন মডেল মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ বদৰপুৰ পথো মুকলি কৰিব ।

মা কামাখ্যাৰ আশী৷ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

ইয়াৰ উপৰি ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰলমজুতজু কৰা ভাণ্ডাৰ মুকলি, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেদিনী পথাৰলৈকে চলিবলগীয়া এখন ৰে'লৰ শুভাৰম্ভণি কৰিব । আনহাতে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ আগিয়াঠুৰিত স্থাপন কৰিব লগীয়া ৰে'লৰ এটা কাৰ্গো তথা ক’চিং টাৰ্মিনেৰ্মি লৰো আধাৰশিলা স্থাপন কৰিব । ইয়াৰ পাছতেই দুপৰীয়া বিশেষ বিমানযোগে দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতিগৰাকী ।

মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে

ৰাষ্ট্ৰপতিগৰাকী অহাৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে । বৃহস্পতিবাৰে আৰু শুকুবাৰে গুৱাহাটীৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত যান বাহন আৰক্ষীয়ে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ।

লগতে পঢ়ক:Dhubri Medical College: ভাৰ্চুৱেল মাধ্যমেৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন

ABOUT THE AUTHOR

...view details