গুৱাহাটী, 23 জানুৱাৰী : গুৱাহাটী মহানগৰীত সম্প্ৰতি জি-২০ক লৈ চলি আছে ব্যাপক তৎপৰতা (G20 Summit in Guwahati)। কিছুদিন পাচতেই নতুন ৰূপত জিলিকি উঠিব ৰাজধানী মহানগৰী ৷ নতুন ৰূপত গুৱাহাটী মহানগৰীক জিলিকাবলৈ ইতিমধ্যে শ-শ শ্ৰমিকে পুৱাৰ পৰা নিশা পর্যন্ত কামত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । উল্লেখনীয় যে অহা ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব জি-২০ ৰাষ্ট্ৰীয় সন্মিলন ৷
জি-২০ ৰাষ্ট্ৰীয় সন্মিলনৰ চাৰিখন বৈঠক গুৱাহাটীত আৰু এখন বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীত অহা ২ আৰু ৩ ফেব্ৰুৱাৰীত প্ৰথমখন, ৮ ফেব্ৰুৱাৰীত দ্বিতীয়খন, ১৩ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈকে তৃতীয়খন, 24 মাৰ্চৰ পৰা 25 মাৰ্চলৈকে ডিব্ৰুগড়ত চতুর্থখন (G20 in Dibrugarh) আৰু ৩ এপ্ৰিলৰ পৰা 5 এপ্ৰিললৈকে সন্মিলনৰ পঞ্চমখন বৈঠক গুৱাহাটীত অনুষ্ঠিত হ'ব (G20 schedule in Assam) ৷ সেই উপলক্ষে জনতা ভৱনৰ সন্মুখত ইতিমধ্যে বিশ্বৰ কুৰিখন দেশৰ ৰাষ্ট্ৰীয় পতাকা সংস্থাপন কৰা হৈছে ৷
ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই (Guwahati Municipal Corporation) গুৱাহাটী মহানগৰীক নতুন ৰূপত সজাই-পৰাই তোলাৰ লক্ষ্যৰে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ গুৱাহাটী পৌৰ নিগমৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, জি-২০ ৰাষ্ট্ৰীয় সন্মিলন উপলক্ষে গুৱাহাটী মহানগৰী অভিমুখে ৰাওনা হ’ব বিশ্বৰ বিভিন্ন দেশৰ মুৰব্বী তথা শীর্ষ বিষয়াসকল ৷ তেনেক্ষেত্ৰত এতিয়াৰপৰাই গুৱাহাটী মহানগৰীক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ স্বাৰ্থত পৌৰ নিগম কর্তৃপক্ষই বিভিন্ন কাম আৰম্ভ কৰিছে ৷
মহানগৰীৰ ভিন্ন স্থানৰ মূল পথসমূহৰ দাঁতি চাফ-চিকুণ কৰি তোলাৰ সমান্তৰালকৈ মূলপথৰ ডিভাইডাৰসমূহত থকা অপতৃণসমূহ চিকুণাই তোলাৰ লগতে শ্ৰমিকসকল ৰং কৰা কামত ব্যস্ত হৈ পৰিছে ৷ পথৰ দাঁতিত যাতে কোনোধৰণৰ আৱৰ্জনা জমা হৈ নাথাকে, সেই ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে ৷ প্ৰতিটো মূলপথ পোহৰাই তোলাৰ লক্ষ্যৰে ৷ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব ৷ সকলো অৰ্দ্ধনিৰ্মিত অট্টালিকা ঢাকি ৰখাৰ ব্যৱস্থা কৰিব লাগিব ৷ গুৱাহাটীৰ ভিন্ন স্থানত পথৰ দাঁতিত থকা দেৱালসমূহত ৰং কৰা কাম অব্যাহত ৰাখিছে একাংশ লোকে ৷
গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰপৰা জালুকবাৰীলৈ পথছোৱাৰ ডিভাইডাৰসমূহ ইতিমধ্যে শ্ৰমিকসকলে ৰং সানি উজলাই তোলা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি বৰঝাৰ বিমানবন্দৰৰপৰা পথৰ মাজৰ ডিভাইডাৰসমূহৰ লগতে দাঁতিত ফুলৰ টাবেৰে সজাই-পৰাই তোলা হৈছে ৷ মূলপথৰ ভাগি যোৱা অংশসমূহ নতুনকৈ মেৰামতি কৰি থকা হৈছে ৷
ইপিনে জি-২০ সন্মিলনৰ সমান্তৰালভাৱে অহা ৬ ফেব্ৰুৱাৰীৰপৰা ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব য়ুথ-২০ (ৱাই-২০) গোটৰ প্ৰথমখন বৈঠক (Youth20 in Guwahati)৷ তিনিদিনীয়াকৈ হ'বলগীয়া এই অনুষ্ঠানত সমগ্ৰ বিশ্বৰ আঢ়ৈ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা আছে ৷ আনহাতে, এই বৈঠকৰ প্ৰাক্মুহূৰ্তত ৰাজ্যৰ অৰ্দ্ধৰ্শতাধিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ ১২ হাজাৰ শিক্ষার্থীয়ে বিভিন্ন আলোচনাচক্ৰ, কর্মশালা আদিত অংশগ্ৰহণ কৰি সামগ্ৰিক আলোচনাৰ পৰিৱেশ ৰচনা কৰিব ৷