অসম

assam

ETV Bharat / state

কামাখ্যা মন্দিৰত কৰ'ণা প্ৰতিৰোধৰ বাবে পূজা-অৰ্চনা - COVID 19

কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID 19ৰ পৰা বিশ্ববাসী পৰিত্ৰান পাবলৈ মহানগৰীৰ কামাখ্যা মন্দিৰত পূজা অৰ্চনা ৷ নয়ন মালাকৰ নামৰ এগৰাকী লোকৰ লগতে কামাখ্যাবাসী ৰাইজে কামাখ্যৰ চিন্ন্যা মস্থা মন্দিৰত আগবঢ়াই পূজাভাগ ।

গুৱাহাটী
কামাখ্যা মন্দিৰত কৰ'ণা প্ৰতিৰোধৰ বাবে পূজা-অৰ্চনা

By

Published : Mar 12, 2020, 11:58 PM IST

গুৱাহাটী, 12 মাৰ্চঃ বিশ্বজুৰি এতিয়া আতংকৰ কাৰক হৈ পৰিছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID 19ৰ । যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে অৱলম্বন কৰিছে ভিন্ন পন্থা । বুধবাৰে মহানগৰীৰ কামাখ্যা মন্দিৰটো বিশেষ পূজা-অৰ্চনা কৰা হয় । নয়ন মালাকৰ নামৰ এগৰাকী লোকৰ লগতে কামাখ্যাবাসী ৰাইজে কামাখ্যৰ চিন্ন্যা মস্থা মন্দিৰত আগবঢ়াই পূজাভাগ । তাৰোপৰি বলি আৰু হোম যজ্ঞও কৰি কৰ'ণাৰ পৰা মুক্ত কৰি ৰাখিবলৈ দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰে সকলোৱে । বিশ্বৰ বিভিন্ন প্ৰান্তত সংক্ৰমণ হোৱা এই ভাইৰাছৰ যাতে অসমত প্ৰভাৱ নপৰে তাৰেই কামনা কৰিছে কামাখ্যাবাসীয়ে । ইফালে গুৱাহাটীৰ ভিন্ন স্থানৰ ভক্তই এই পূজাত ভাগ লোৱাৰ লগতে দেৱীৰ আশীষ লয় ।

কামাখ্যা মন্দিৰত কৰ'ণা প্ৰতিৰোধৰ বাবে পূজা-অৰ্চনা

ABOUT THE AUTHOR

...view details