অসম

assam

ETV Bharat / state

Latasil Bihu Samragi 2023: প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত জিলিকিল লতাশিল বিহু সম্ৰাজ্ঞী 2023 ৰ মুকুট - লতাশিল বিহু সম্ৰাজ্ঞীৰ মুকুট

গুৱাহাটীৰ লতাশিল খেলপথাৰত অনুষ্ঠিত 72 সংখ্যক বিহু সন্মিলনৰ ফলাফল ঘোষণা ৷ এইবাৰৰ ঐতিহাসিক লতাশিল বিহু সম্ৰাজ্ঞীৰ মুকুট জিলিকিল প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত (72 nd Latasil bihu Samgragi)

72 nd Latasil bihu Samgragi
2023 বৰ্ষৰ লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী

By

Published : Apr 18, 2023, 8:18 AM IST

Updated : Apr 18, 2023, 5:46 PM IST

72 সংখ্যক লতাশিল বিহু সন্মিলন

গুৱাহাটী, 18 এপ্ৰিল : ঘোষণা কৰা হ’ল 72 সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী 2023 ৰ খিতাপৰ নাম ৷ এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী 2023 ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰতিক্ষাৰাণী বৰগোঁহাইয়ে ৷ 72 সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ বিহু কুঁৱৰী বঁটা লাভ কৰিছে লখিমপুৰৰ অনন্যা ফুকনে ৷

71 সংখ্যক লতাশিল বিহুৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী শতাব্দী কলিতাই প্ৰতিক্ষাৰাণী বৰগোঁহাইৰ শিৰত পিন্ধায় চলন্ত মুকুট ৷ লগতে তেওঁক প্ৰদান কৰা হয় এটি স্থায়ী মুকুটো (Bihu Samragyi of Latasil Bihu Sanmilan) ৷ ইয়াৰোপৰি, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ টকা , 10 গ্ৰাম সোণৰ মুদ্ৰা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিন, নেমকেয়াৰৰ পৰা সংস্থাপন প্ৰস্তাৱ আৰু বহু উপহাৰৰে উপচাই পেলোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক ।

এই বৰ্ষত বিহুৰাণী খিতাপ আৰু শ্ৰেষ্ঠ পেঁপা বাদকৰ সন্মান লাভ কৰিছে ক্ৰমে ডিব্ৰুগড় মৰাণৰ বন্যানী গগৈ আৰু দেৱজিৎ তামুলীয়ে ৷ ইয়াৰ লগতে শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰিছে দুলুমণি বৰাই ৷ দেৱজিৎ তামুলীক ফুলাম গামোচা, এটি স্মাৰক আৰু নগদ 10 হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় । দুলুমনি বৰালৈ ফুলাম গামোচা, এখনি শৰাই আৰু নগদ 10 হাজাৰ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হয় (Latasil Bihu Sanmilan prizes) ৷ বিহুৰাণীৰ খিতাপ দখল কৰা বন্যানী গগৈক চলন্ত ৰূপৰ মুকুটৰ লগতে প্ৰদান কৰা হয় নগদ 51 হাজাৰ টকা, এটা ট্ৰফী, 5 গ্ৰাম সোণৰ মুদ্ৰা, মানপত্ৰ আৰু উপহাৰৰ টোপোলা ।

72 সংখ্যক লতাশিল বিহু সন্মিলনৰ বঁটা বিতৰণী অনুষ্ঠান

বিহু কুঁৱৰীৰ খিতাপ দখল কৰা অনন্যা ফুকনে মুকুট, মানপত্ৰ, নগদ 31 হাজাৰ টকা, ট্ৰফী, 5 গ্ৰাম সোণৰ মুদ্ৰা আৰু বহু উপহাৰ প্ৰদান কৰা হয় । তথ্য অনুসৰি, এইবাৰ 7 গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল 72 সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাখনিত ৷ প্ৰতিগৰাকী বিহুৱতীকে 10 মিনিট কৈ সময় নিৰ্ধাৰণ কৰি দিয়া হয় ।

উল্লেখযোগ্য যে, ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত অসমীয়াৰ বাপতি সাহোন বিহুক জনপ্ৰিয় কৰাৰ মানসেৰে আৰম্ভ হৈছিল এই লতাশিল বিহু ৷ 1952 চন মানতে গুৱাহাটীৰ কিছু উদ্যোগী ব্যক্তিয়ে সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নেতৃত্বত পথাৰৰ বিহুক তুলিছিল মঞ্চলৈ ৷ অসমৰ প্ৰথমখন মঞ্চ বিহু বুলিলেই সকলোৰে মনলৈ আহে লতাশিলত অনুষ্ঠিত হোৱা এই বিহুখনৰ কথাই ৷ এই সন্দৰ্ভত সময়ে-সময়ে বিভিন্ন বিতৰ্কৰ অৱতাৰণা হোৱা পৰিলক্ষিত হয় ৷

লতাশিলত অনুষ্ঠিত এই বিহুখনক অসমীয়া ৰাইজে তাহানিৰে পৰা চাই আহিছে এক বিশেষ সভ্ৰমৰ দৃষ্টিৰে ৷ প্ৰতিগৰাকী বিহু নৃত্যশিল্পী বা দলৰ বাবে লতাশিল বিহুত অনুষ্ঠান তথা নাচ প্ৰদৰ্শন কৰিব পৰাটো বিবেচিত হৈ আহিছে এক গৌৰৱৰ বিষয় হিচাপে (Guwahati Latasil Bihu Sanmilan) ৷

লগতে পঢ়ক :Public work for Making river bridge : নিৰ্বিকাৰ চৰকাৰ; ৰাইজৰ উদ্যোগত নিৰ্মাণ হ’ল দলং

Last Updated : Apr 18, 2023, 5:46 PM IST

ABOUT THE AUTHOR

...view details