অসম

assam

ETV Bharat / state

ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ - গুৱাহাটী প্ৰেছক্লাৱ

বানাক্ৰান্ত লোকক সাহাৰ্য সামগ্ৰী বিতৰণৰ বাবে প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ ব্য়ক্তিক্ৰমী পদক্ষেপ ৷ ৰাজপথত সুৰৰ লহৰ তুলি সাহাৰ্য সংগ্ৰহৰ চেষ্টা সংস্থাটোৰ ৷ দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰিছে এই ব্যক্তিক্ৰমী যাত্ৰা ৷

Pratidhani Cultural organisations rally together in aid of Assam Floods victims
ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনী সাংস্কৃতিক গোষ্ঠীৰ

By

Published : Aug 6, 2020, 6:19 PM IST

গুৱাহাটী, 6 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ সমান্তৰালভাবে বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰি ইতিমধ্যে বহু লোকে ঘৰ-মাটি হেৰুওৱাৰ উপক্ৰম হৈছে ৷ বানত জাহ গৈছে কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষি মাটি ৷ বহু লোকে বৰ্তমানেও চৰকাৰী আশ্ৰয় শিবিৰ বা মথাউৰিত আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে বানত ক্ষতিগ্ৰস্থ হোৱা লোকক সাহাৰ্য বিতৰণৰ বাবে প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তৰ বাবে সাহাৰ্য সংগ্ৰহৰ চেষ্টা সংস্থাটোৰ ৷ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা সংস্থাটোৱে সাহাৰ্য সংগ্ৰহৰ চেষ্টা চলাইছে ৷

ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনী সাংস্কৃতিক গোষ্ঠীৰ

জুবিন গাৰ্গৰ সহযোগত আৰু চিৰঞ্জীৱ কাশ্যপৰ নেতৃত্বত প্ৰতিধ্বনি সাংস্কৃতিক গোষ্ঠীৰ সদস্য দীপাংকৰ মেধি, ভাস্কৰ জ্যোতি দাস, হৃষিয়ংগম হাজৰিকাই মহানগৰীৰৰ দীঘলীপুখুৰী পাৰ, গুৱাহাটী প্ৰেছক্লাৱৰ সন্মুখত বাঁহী, ঢোলেৰে সুৰৰ লহৰ তুলি ৰাজপথেৰে যোৱা প্ৰতিজন লোকৰ পৰা সংগ্ৰহ কৰিছে ক্ষুদ্ৰ অনুদান ৷ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ৰাতিপুৱাৰে পৰা নেহেৰু পাৰ্ক , দীঘলীপুখুৰী, আদি স্থানৰ পৰা সাহাৰ্য সংগ্ৰহৰ চেষ্টা চলাইছে সংস্থাটোৱে ৷

ৰাজপথত সুৰৰ লহৰ তুলি বানাক্ৰান্তক সহায়ৰ চেষ্টা প্ৰতিধ্বনী সাংস্কৃতিক গোষ্ঠীৰ

উল্লেখ্য যে, 5 আগষ্টত প্ৰকাশ কৰা অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি, 15 খন জিলা বৰ্তমানো বানৰ কবলত আছে ৷ ধেমাজি, বিশ্বনাথ, বাক্সা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ বানপানীৰ কবলত আছে ৷ ইয়াৰ বিপৰীতে, 21 টা ৰাজহ চক্ৰ পানীৰ কবলত আছে ৷ 270 খন গাঁও বানপানীত বৰ্তমানেও আক্ৰান্ত হৈ আছে ৷ 1,43,050 জন ব্যক্তি বানপানীৰ কবলত আছে ৷

লগতে পঢ়ক : বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

ABOUT THE AUTHOR

...view details