অসম

assam

By

Published : Sep 27, 2020, 1:38 PM IST

Updated : Sep 27, 2020, 2:18 PM IST

ETV Bharat / state

আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে

ASSAM POLICE RECRUITMENT BORD
ASSAM POLICE RECRUITMENT BORD

13:24 September 27

এছ আই নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ ৷ পদত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে ৷

গুৱাহাটী, 27 ছেপ্টেম্বৰ :অসম আৰক্ষীৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰে ৷ দেওবাৰে দুপৰীয়া এক বিবৃতি যোগে তেওঁ এই সিদ্ধান্তৰ কথা ঘোষণা কৰে বিষয়াগৰাকীয়ে ৷ বিবৃতিটোত তেওঁ কয় যে, চৰকাৰে তেওঁৰ ওপৰত ভৰষা আৰু বিশ্বাস ৰাখি এই গুৰু দায়িত্ব অৰ্পণ কৰিছিল ৷ অসমৰ লাখ লাখ নিবনুৱাই মেধাৰ ভিত্তিত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব খুজিছিল ৷ কিন্তু এটা চক্ৰই সেয়া সম্ভৱ হ’বলৈ নিদিলে ৷

চাকৰি কালত ক’তো বিফল নোহোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ তেওঁ বিফল হ’বলগীয়া হ'ল ৷ সেয়েহে ইয়াৰ সকলো নৈতিক দায়িত্ব মূৰ পাতি লৈ তেওঁ অধ্যক্ষৰ আসনৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক :ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক


 

Last Updated : Sep 27, 2020, 2:18 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details