কামৰূপ, 23 জুলাইঃ অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাওঁ 80 নং লাচিতগড়ৰ গাওঁ পঞ্চায়তত সংঘটিত হোৱা এক বৃহৎ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ এই তথ্য ফাদিল কৰি পঞ্চায়ত খনৰে সদস্যা কল্যানী বড়োই অভিযোগ আনিছে সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, 14th Finance commission Fund, Trade License Fund ৰ অধীনত চৰকাৰৰ ফালৰ পৰা 2016-17 বৰ্ষত 23,15,565 টকা আৰু 2017-18 বৰ্ষত 26,75,413 টকা ট্ৰেড লাইচেন্সৰ নামত যোগান ধৰা হৈছিল ৷ কিন্তু এই সমুদায় ধন কাৰ্যত পৰিণত নহ'ল ৷ তাৰ পৰিৰ্বতে প্ৰায় 500 ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান থকা পঞ্চায়তখনৰ অন্তৰ্গত প্ৰতিখন ব্যৱসায়িক দোকানৰ পৰা ট্ৰেড লাইচেন্সৰ নামত ৰচিদত পাঁচ হাজাৰ টকা পৰ্যন্ত লিখি কেলেংকাৰী সংঘটিত কৰে ৷ পঞ্চায়তৰ বেংক পাচবুকৰ তথ্য অনুযায়ী বছৰটোত ট্ৰেড লাইচেন্সৰ নামত 1,20,549 টকা সংগ্ৰহ কৰা হৈছিল ৷
জালুকবাৰীৰ পঞ্চায়তত বৃহৎ কেলেংকাৰী - president
চতুৰ্দশ বিত্তীয় আয়োগ শিতান (14th Finance commission Fund), বিত্তীয় অনুজ্ঞাপত্ৰ শিতান (Trade License Fund) ৰ অধীনত চৰকাৰৰ ফালৰ পৰা যোগান ধৰা ট্ৰেড লাইচেন্সৰ পুঁজি আত্মসাৎৰ অভিযোগ লাচিতগড়ৰ গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰৰ বিৰুদ্ধে ৷
ইয়াৰোপৰি ৰেচন কাৰ্ড কেলেংকাৰীৰ লগতো পঞ্চায়ত সভাপতি দুগৰাকী জড়িত থকাৰ অভিযোগ আছে ৷ অভিযোগ মতে, প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অধিকাংশ ব্যক্তিক ধনৰ বিনিময়ত 2 ৰ পৰা 3 খনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিছিল ৷ ইফালে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে পঞ্চায়ত সভাপতি প্ৰদীপ দাসৰ ৰোষত পৰিছে ৱাৰ্ড সদস্য কল্যানী বড়ো । সৰ্বসন্মত সিদ্ধান্তৰ পিছতো RTI কৰাৰ বাবে কল্যানী বড়োক পঞ্চায়তৰ উপ সভাপতি পদত অধীনস্থ নকৰিলে সভাপতি প্ৰদীপ দাসে ।
সততে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ কথা কোৱা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সমষ্টিৰ অন্তৰ্গত পঞ্চায়তত সংঘটিত হোৱা এই দুৰ্নীতিৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব ৷