অসম

assam

ETV Bharat / state

ফনী তালুকদাৰৰ প্ৰাৰ্থীত্ব নাকচ কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ - vote

ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ বিৰুদ্ধে ভোটাৰৰ মাজত নগদ ধন বিলোৱাৰ অভিযোগ । মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰদেশ কংগ্ৰেছৰ অভিযোগ পত্ৰ ।

Pradesh Congress demands rejection of Fani Talukdars candidature
ফনী তালুকদাৰৰ প্ৰাৰ্থীত্ব নাকচ কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

By

Published : Oct 29, 2021, 6:22 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ :ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । উপ-নিৰ্বাচনৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এই সন্দৰ্ভত এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰে । নিৰ্বাচনী বিষয়ালৈ লিখা পত্ৰত কংগ্ৰেছ অভিযোগ কৰে যে, বিজেপি প্ৰাৰ্থী ফনী তালুকদাৰে ভোটাৰৰ মাজত নগদ ধন বিতৰণ কৰিছে ।

পত্ৰখনত উল্লেখ কৰা হয় যে, সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু ভিডিঅ’ ক্লিপিংছৰ জৰিয়তে এই তথ্য প্ৰদেশ কংগ্ৰেছৰ দৃষ্টিগোচৰ হৈছে ৷ অভিযোগ অনুসৰি, ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনী তালুকদাৰে ভবানীপুৰত থকা তেওঁৰ বাসগৃহৰ বাহিৰত ভোটাৰসকলক ধন বিতৰণ কৰিছে । প্ৰদেশ কংগ্ৰেছৰ অভিযোগ, এগৰাকী প্ৰাৰ্থীৰ এই নিৰ্লজ্জ কাৰ্য জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ধাৰা ১২৩(১)ৰ লগতে ভাৰতৰ নিৰ্বাচনী আচৰণ বিধিৰ ব্যাপক উলংঘন ।

ফনী তালুকদাৰৰ প্ৰাৰ্থীত্ব নাকচ কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

অভিযোগ অনুসৰি, ভবানীপুৰৰ স্থানীয় বাসিন্দাসকলক তালুকদাৰৰ ঘৰৰ সন্মুখত ২০০ টকাকৈ উৎকোচ দিয়া হৈছে ।

অভিযোগ পত্ৰৰ সৈতে প্ৰদেশ কংগ্ৰেছে ধন বিলোৱা এটা ভিডিঅ’ ক্লিপো সংলগ্ন কৰি দিয়ে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ববিতা শৰ্মাই স্বাক্ষৰিত পত্ৰখনত কোৱা হয় যে তাৎক্ষণিক ভাৱে ফনী তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰিব লাগে ।

লগতে পঢ়ক :গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ

ABOUT THE AUTHOR

...view details