গুৱাহাটী,৯ ডিচেম্বৰ:আম আদমী পাৰ্টী চমুকৈ আপৰ বাবে গুজৰাটত কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হ’ল ৷ এই গুৰুতৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা আৰু সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC press meet)।
সংবাদমেলত উপ-সভাপতি দ্বিজেন শৰ্মাই কয় যে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছত কেতবোৰ ভুল প্ৰচাৰ চলোৱা হৈছে । তেওঁ কয় যে প্ৰকৃততে বিজেপি আৰু আপৰ গোপন বুজাবুজিৰ বাবেহে গুজৰাটত কংগ্ৰেছে বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হ'ল । গুজৰাট আৰু হিমাচল প্ৰদেশ বিজেপিৰ দুজন প্ৰভাৱশালী নেতাৰ ৰাজ্য হোৱাৰ বাবে বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিছিল(Himachal pradesh election 2022) ।
গুজৰাটত জয়ী হ'ল যদিও হিমাচল প্ৰদেশত বিধ্বস্ত হ'ল বিজেপি দল । দ্বিজেন শৰ্মাই আপ আৰু বিজেপিৰ গোপন বুজাবুজি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গুজৰাটত আপে চৰকাৰ কৰিব বুলি প্ৰচাৰ চলাইছিল । অৰবিন্দ কেজৰিৱালে ৯০ আসনত জয়ী হ'ম বুলি নিশ্চিতি প্ৰদান কৰিছিল । কিন্তু বাস্তৱত তেনে হোৱা পৰিলক্ষিত নহ’ল(Gujrat election 2022) ।
আপৰ বাবে গুজৰাটত কংগ্ৰেছে পৰাজয়ৰ মুখামুখি হ'বলগীয়া হ'ল বুলি স্পষ্টকৈ উল্লেখ কৰে । দ্বিজেন শৰ্মাই লগতে কয় যে অভিযোগ অনুসৰি আপে আৰ এছ এছৰ সৈতে গোপন বুজাবুজি কৰিহে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । বিজেপিক সহায় কৰাৰ বাবেই আপে বিজেপিৰে গোপন বুজাবুজি কৰিছিল বুলি অভিযোগ তোলে দ্বিজেন শৰ্মাই ।
সাংসদ বদৰুদ্দিন আজমলৰ দৰে অৰবিন্দ কেজৰিৱালে বিজেপিক গোপনে সহযোগ কৰাৰ সন্দেহ ব্যক্ত কৰি শৰ্মাই কয় যে আজমল আৰু আছাদউদ্দিন ওৱেছিয়ে সাম্প্ৰদায়িক মন্তব্যৰে মেৰু বিভাজনৰ ৰাজনীতি কৰি বিজেপিক সহায় কৰি আহিছে । ইয়াৰ বাবেই কংগ্ৰেছে আজমলক ত্যাগ কৰিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে কয় যে কোনো কাৰণতে আৰু এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্রতা নহয় ।