অসম

assam

ETV Bharat / state

হেলিকপ্টাৰৰ চমকে সহায় কৰিব কাক ? - দিশপুৰৰ গাদী দখল

বিজেপিয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ এখন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে, এখন মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই, এখন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাবে আৰু এখন অসমৰ নির্বাচনী পর্যবেক্ষক নৰেন্দ্র সিং টোমৰ আৰু ৰাজ্যৰ পর্যবেক্ষকৰ দায়িত্বত থকা বৈজয়ন্ত পাণ্ডাই ব্যৱহাৰ কৰিছে । আনহাতে, বিৰোধী মহাজোঁটে ব্যৱহাৰ কৰা পাঁচখন হেলিকপ্টাৰৰ ভিতৰত তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব প্রধান বিৰোধী দল কংগ্ৰেছে আৰু বাকী দুখন মহাজোঁটৰ অংশীদাৰী দল এআইডিইউএফ আৰু বিপিএফে ব্যৱহাৰ কৰিব ৷

political parties of assam starts campaigning in helicopter for assam poll 2021
ৰাজ্যত এতিয়া হেলিকপ্টাৰৰ চমক

By

Published : Mar 19, 2021, 9:39 PM IST

Updated : Mar 19, 2021, 10:19 PM IST

গুৱাহাটী, 19 মার্চ : অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সম্প্ৰতি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ অসমৰ আকাশত উৰিবলৈ ধৰিছে ইখনৰ পাছত সিখনকৈ হেলিকপ্টাৰ ৷ দিশপুৰৰ গাদী দখলৰ বাবে প্রতিটো ৰাজনৈতিক দলেই এইবাৰ হেলিকপ্টাৰেৰে চমক সৃষ্টি কৰি প্ৰচাৰৰ নামত বৃহৎ অংকৰ ধন ব্যয় কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ গ'লেই তাৰ প্ৰমাণ পোৱা যায় ৷

ৰাজ্যত এতিয়া হেলিকপ্টাৰৰ চমক

কি বিজেপি, কি কংগ্ৰেছ, প্ৰতিটো ৰাজনৈতিক দলেই ব্যয়বহুল হেলিকপ্টাৰেৰে ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে ৷ হেলিকপ্টাৰেৰে চমক সৃষ্টি কৰাৰ প্ৰতিযোগিতাত পিছ হুহুকি ৰোৱা নাই কিছুদিন পূৰ্বে গঠন হোৱা তথা ৰাইজৰ সাহাৰ্যত পুঁজি গঠন কৰা অসম জাতীয় পৰিষদ ৷ অৱশ্যে আন ৰাজনৈতিক দলৰ তুলনাত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলােৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে বিজেপি ।

সৰ্বমুঠ 10 খন হেলিকপ্টাৰৰ ভিতৰত শাসকীয় বিজেপি আৰু অগপ মিত্রজোঁটে মুঠ পাঁচ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ, এআইইউডিএফ, বিপিএফৰ মহাজোঁটে ব্যৱহাৰ কৰিছে আন পাঁচখন হেলিকপ্টাৰ ৷ বিজেপিয়ে চাৰিখন হেলিকপ্টাৰ আৰু মিত্র দল অগপই এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে ৷

বিজেপিয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ এখন মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, এখন মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, এখন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাবে আৰু এখন অসমৰ নির্বাচনী পর্যবেক্ষক নৰেন্দ্র সিং টোমৰ আৰু ৰাজ্যৰ পর্যবেক্ষকৰ দায়িত্বত থকা বৈজয়ন্ত পাণ্ডাৰ ৷ আনহাতে, বিৰােধী মহাজোঁটে ব্যৱহাৰ কৰা পাঁচখন হেলিকপ্টাৰৰ ভিতৰত তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব প্রধান বিৰােধী দল কংগ্ৰেছে আৰু বাকী দুখন মহাজোঁটৰ অংশীদাৰী দল এআইডিইউএফ আৰু বিপিএফে ৷

নিৰ্বাচনী প্ৰচাৰৰ নামত 10 খনকৈ হেলিকপ্টাৰে অসমৰ আকাশ-বতাহ কঁপাই তোলা প্রতিখন ছিংগল ইঞ্জিনৰ হেলিকপ্টাৰৰ ভাৰা প্রতি ঘণ্টাত 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত আৰু ডাবল ইঞ্জিনৰ হেলিকপ্টাৰৰ ভাৰা প্রতি ঘণ্টাত 2.5 লাখৰ পৰা 3 লাখ টকা। পিছে লাখ লাখ টকা ব্যয় কৰি নিৰ্বাচনী প্ৰচাৰে কাক কিমান লাভান্বিত কৰিব সেয়া 2 মে'ৰ ফলাফলেহে ক'ব ৷

লগত পঢ়ক:২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত

Last Updated : Mar 19, 2021, 10:19 PM IST

ABOUT THE AUTHOR

...view details