অসম

assam

ব্য়ৰ্থ গুৱাহাটী স্মাৰ্ট আৰক্ষী: এমাহে সন্ধান নাই গাড়ীগাঁও দলবদ্ধ ধর্ষণকাণ্ডৰ ৪ অভিযুক্তৰ

By

Published : Apr 11, 2022, 5:34 PM IST

ৰাজ্য় কঁপোৱা গাড়ীগাঁৱৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ড পাৰ হ'ল এটা মাহ(Garigaon Gang rape) । মূল অভিযুক্ত বিকি আলীক এনকাউন্টাৰ কৰা অসম আৰক্ষীয়ে (Biki ali encounter)আজি পৰ্যন্ত সন্ধান উলিয়াব নোৱাৰিলে ধৰ্ষণকাণ্ডৰে জড়িত পলাতক আন চাৰি অভিযুক্তৰ । অসহায় স্বীকাৰোক্তি আয়ুক্ত হৰমিত সিঙৰ ।

Garigaon Gang rape
এমাহে সন্ধান নাই গাড়ীগাঁও কিশোৰী দলবদ্ধ ধর্ষণকাণ্ডৰ ৪ অভিযুক্তৰ

গুৱাহাটী,১১ এপ্ৰিল:ৰাজ্য কঁপোৱা গুৱাহাটী গাড়ীগাঁও ১৬ বছৰীয়া কিশোৰী দলবদ্ধ ধর্ষণৰ গোচৰ পঞ্জীয়নৰ এমাহ অতিক্ৰম (Garigaon Gang rape) । কিন্তু, আজি পৰ্যন্ত স্মাৰ্ট মহানগৰ আৰক্ষীৰ জালত নপৰিল চাৰি পলাতক অভিযুক্ত । অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰা গুৱাহাটী আৰক্ষী আয়ুক্তই এমাহৰ মূৰত ধর্ষণকাণ্ডকলৈ মুখ খুলিছে সংবাদ মাধ্যমত ।

অসম আৰক্ষীৰ চকুত ধূলি মাৰি চাৰি অভিযুক্ত ধর্ষণকাৰীয়ে বহিঃৰাজ্যত আত্মগোপন কৰি থকা কথা অসহায় স্বীকাৰ আয়ুক্ত হৰমিত সিঙৰ । উল্লেখ্য যে, ঘটনাৰ মূল অভিযুক্ত বিকি আলি গুৱাহাটী আৰক্ষী হাতত গ্ৰেপ্তাৰ হৈ এনকাউণ্টাৰত মৃত্যু হৈছিল(Biki Ali Encounter in Guwahati) । বিকিৰ পৰিয়ালৰ অভিযোগ আৰক্ষীৰ ওচৰত নিজে ইচ্ছামতে আত্মসমৰ্পণ কৰিছিল মূল অভিযুক্ত বিকিয়ে ৷ কিন্তু আৰক্ষীৰ মতে গোপন সূত্ৰ খবৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল বিকিক ।

শনিবাৰে আৰক্ষীৰ আয়ুক্ত সিঙক সাংবাদিকে ধর্ষণ কাণ্ডটো তদন্তৰ প্ৰসংগত সোধা এক প্ৰশ্ন উত্তৰত কয়- 'টেষ্ট চলি আছে' ।

অভিযুক্ত ধর্ষণকাৰী ৰাজ্যৰ বাহিৰত আত্মগোপন কৰিছে বুলি উল্লেখ কৰি চুবুৰীয়া পশ্চিমবংগত আত্মগোপন কৰাৰ সম্ভাৱনা প্ৰকাশ কৰে । লগতে অভিযুক্তক শীঘ্ৰে কৰায়ত্ত কৰিব পাৰিম বুলিও উল্লেখ কৰে আয়ুক্তগৰাকীয়ে ।

তাপৰ্যপূৰ্ণ যোৱা ৮মার্চত কিশোৰী পৰিয়ালে পানবজাৰ মহিলা আৰক্ষী থানাত দলবদ্ধ ধর্ষণকাণ্ডৰ প্ৰসংগত দাখিল কৰিছিল এজাহাৰ (Garigaon rape murder) । পাঁচ অভিযুক্ত বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ । পানবজাৰ মহিলা থানাত ১৯/২২নম্বৰত ৰুজু হৈছিল গোচৰ । তাৰ ভিত্তিতে তদন্ত কৰি মূল অভিযুক্ত বিকিক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু, আজি পৰ্যন্ত আন চাৰি অভিযুক্তক জালত পেলাব নোৱাৰা বিষয়টোৱে বহন কৰিছে তাৎপৰ্য ।

লগতে পঢ়ক:জোনাইত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত এজন, আহত 14

ABOUT THE AUTHOR

...view details