যোৰাবাট,8 আগষ্টঃ যোৰাবাটত সংঘটিত অসম আৰক্ষীক লজ্জানত কৰা এক ঘটনা ৷ এজন আৰক্ষী বিষয়াই চুৰ কৰি নিলে মোবাইল ফোন ৷ চি চি টিভি কেমেৰাত বন্দী হ'ল সমগ্ৰ ঘটনাৰ দৃশ্য ৷
চোৰৰ ৰূপত পুলিচ
যোৰাবাটত আৰক্ষী বিষয়াই চুৰ কৰিলে মোবাইল ৷ চি চি টিভিত বন্দী হ'ল সমগ্ৰ দৃশ্য ৷
বুধবাৰে দিনৰ ভাগত যোৰাবাটৰ টিটি বিট হোটেলত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিবলৈ আহিছিল এদল আৰক্ষী ৷ দলটোৰে এজন আৰক্ষীয়ে নিজৰ মোবাইলটো চাৰ্জত দিয়ে হোটেলত ৷ আহাৰ গ্ৰহণ কৰাৰ পাচত কৌশলেৰে নিজৰ মোবাইলৰ লগতে তাত থকা আন এটা মোবাইলো লৈ যায় আৰক্ষী বিষয়া জনে ৷ হোটেলখনৰ কৰ্মচাৰী মফিজ আলিয়ে জানিবলৈ দিয়া মতে আৰক্ষীৰ দলটো যোৱাৰ পাচৰ পৰা তেওঁৰ মোবাইলটো নোহোৱা হৈ আছিল হোটেলৰ পৰা। চাৰিওফালে বিচাৰ কৰাৰ পাচতো বিচাৰি নাপালে নিজৰ মোবাইল । অৱশেষত,হোটেল খনত সংলগ্ন চি চি কেমেৰা পৰীক্ষা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ঘটনা সন্দৰ্ভত মোবাইলটোৰ গৰাকী মফিজ আলিয়ে যোৰাবাট আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ।