অসম

assam

By

Published : Sep 21, 2020, 12:16 PM IST

ETV Bharat / state

জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ

নিশা জালুকবাৰীত আৰক্ষীৰ তালাচী ৷ তালাচীৰ সময়ছোৱাতে আৰক্ষীয়ে সন্দেহজনকভাৱে ৰখিবলৈ নিৰ্দেশ দিয়া বাহনৰ পয়ালন ৷ তালাচী চকীৰ বেৰিকেড ভাঙি তীব্ৰ বেগেৰে পলায়ন কৰে বাহনখনে ৷

জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ
জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ

গুৱাহাটী, 21 ছেপ্তেম্বৰ: দেওবাৰে নিশা জালুকবাৰীত আৰক্ষী আৰু এটা অভিযুক্ত ডকাইতৰ দলৰ মাজত সংঘৰ্ষ ৷ আমিনগাঁৱৰ দিশৰ পৰা এটা ডকাইতৰ দল গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰাৰ পাচতে আৰক্ষীয়ে শৰাইঘাট দলঙত চলাইছিল তালাচী অভিযান ৷ তালাচীৰ সময়ছোৱাতে আৰক্ষীয়ে সন্দেহজনকভাৱে AS-23 L-3736 নম্বৰৰ গাড়ী খনত ৰখিবলৈ নিৰ্দেশ প্ৰদান কৰে যদিও তালাচী চকীৰ বেৰিকেড ভাঙি তীব্ৰ বেগেৰে পলায়ন কৰে গাড়ীখনে ৷

জালুকবাৰীত আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত সংঘৰ্ষ

তাৰ পাচতেই জালুকবাৰী আৰক্ষীৰ এটা দলে গাড়ীখন খেদি যায় ৷ পাচত তীব্ৰ বেগী বাহনখনে ৰাজপথৰ ডিভাইডাৰত খুন্দা মাৰি পথতে বাগৰি পৰে ৷ বাহনখন ডিভাইডাৰতে এৰি আটাইকেইজন লোকে পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা চুৰিকাণ্ড সংঘটিত কৰা বহু সামগ্ৰী উদ্ধাৰ কৰে ৷ সামগ্ৰীসমূহ দেখি লোক কেইজনে এটিএম, কোনো ব্যৱসায়িক প্ৰতিষ্ঠান বা গৰু চুৰিৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে তদন্ত অব্য়াহত ৰাখিছে ৷

লগতে পঢ়ক:যোৰহাটত মাৰণাস্ত্ৰ সহ যুৱক আটক

ABOUT THE AUTHOR

...view details