অসম

assam

ETV Bharat / state

Assam Police new Guidelines: এতিয়াৰ পৰা DGP ৰ অনুমতি অবিহনে আৰক্ষী বিষয়াসকলে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত - অসম আৰক্ষী মুখ্য কাৰ্যালয়

অসমৰ আৰক্ষী অধীক্ষকসকললৈ কঠোৰ নিৰ্দেশনা অসম আৰক্ষীৰ ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ হৈ অসম আৰক্ষীৰ আই জি পিয়ে জাৰি কৰিছে এই নিৰ্দেশনা ৷ এই অনুসৰি এতিয়াৰে পৰা জিলাৰ আৰক্ষী বিষয়াসকলে অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ আগতীয়া অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত বাইট দিয়ে (Assam Police new Guidelines)।

Assam Police new Guidelines
DGP ৰ অনুমতি অবিহনে আৰক্ষী বিষয়াসকলে মুখ খুলিব নোৱাৰিব সংবাদ মাধ্যমৰ আগত

By

Published : May 20, 2023, 2:21 PM IST

Updated : May 20, 2023, 3:58 PM IST

গুৱাহাটী, ২০ মে’:জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাচতে অসম আৰক্ষীৰ কেবাজনো শীৰ্ষ বিষয়াৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈছে । এনে সময়তে হঠাৎ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) অসমৰ সকলো জিলাৰ জিলা আৰক্ষী অধীক্ষকসকললৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা অসমৰ সকলো জিলাত থকা জিলা আৰক্ষী অধীক্ষকসকলে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত মুখ খুলিব নোৱাৰিব ।

এই সন্দৰ্ভত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ হৈ অসম আৰক্ষীৰ আই জি পি (প্ৰশাসন) য়ে যোৱা ১৭ মে'ত অসমৰ সকলো জিলাত থকা জিলা আৰক্ষী অধীক্ষকসকললৈ নিৰ্দেশনা পত্ৰ জাৰি কৰিছে । ইয়াৰ লগতে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষী আয়ুক্তলৈ একেদিনাই এই নিৰ্দেশনা পত্ৰ জাৰি কৰিছে আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ হৈ অসম আৰক্ষীৰ আই জি পি (প্ৰশাসন) য়ে (Assam Police new Guidelines) ।

অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ হৈ অসম আৰক্ষীৰ আই জি পি ( প্ৰশাসন) যোৱা ১৭ মে'ত অসমৰ সকলো জিলাত থকা জিলা আৰক্ষী অধীক্ষকসকললৈ জাৰি কৰা নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা মতে," লক্ষ্য কৰা হৈছে যে জিলাৰ আৰক্ষী বিষয়াসকলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ আগতীয়া অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত বাইট দিয়ে । কেতিয়াবা, দেখা যায় যে বিষয়াসকলে জানি বুজি বা অজ্ঞাতে আৰক্ষীৰ নীতি সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত ৰাজহুৱাভাৱে মতামত প্ৰকাশ কৰে ।

তেওঁ লগতে কয় যে, ওপৰোক্ত বিষয়বোৰৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে ৰাজহুৱা বা সংবাদ মাধ্যমত কথা কোৱাৰ সময়ত সাৱধান হ'বলৈ আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমোদন অবিহনে আৰক্ষীৰ নীতি সম্পৰ্কীয় বিষয়ত মতামত প্ৰকাশ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।" লক্ষ্যণীয় যে ইয়াকে লৈ এতিয়া বিভিন্ন মহলত ব্যাপক চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক:Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীক কি আহ্বান জনালে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ?

Last Updated : May 20, 2023, 3:58 PM IST

ABOUT THE AUTHOR

...view details