অসম

assam

ETV Bharat / state

চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত সষ্টম অসম আৰক্ষী - ৰাজ্য চৰকাৰে

ৰাজ্য চৰকাৰে কৰ‘ণা আক্রান্ত অঞ্চল আন চাৰিখন জিলাৰ লগতে মৰিগাঁও জিলাক ৰেড জ‘ন হিচাপে ঘোষণা কৰাৰ পিছতেই দুয়োখন জিলাৰ সীমাত থকা চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত অসম আৰক্ষী সষ্টম হৈ থকাৰ লগতে স্বাস্থ্য কৰ্মীয়ে কৰিছে স্বাস্থ্য পৰীক্ষা ।

police-checking-is-going-on-in-morigaon-kamrup-border-area
চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত সষ্টম অসম আৰক্ষী

By

Published : Apr 27, 2020, 1:56 PM IST

গুৱাহাটী, 27 এপ্ৰিল: চলি থকা লক ডাউনৰ সময়তেই চৰকাৰে কৰ‘ণাত আক্ৰান্ত হোৱা অঞ্চল সমূহক ৰেড জ‘ন হিচাপে চিহ্নিত কৰিছে ৷ অসমত এই জ‘নত অন্তৰ্গত জিলা সমূহৰ ভিতৰত অন্যতম জিলা হ'লমৰিগাঁও জিলা

চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত সষ্টম অসম আৰক্ষী
কামৰূপ (মহানগৰ) জিলা আৰু সমীপৱৰ্তী মৰিগাঁও জিলা সংযোগী সীমামুৰীয়া বিশেষ অঞ্চলটো হ'ল চন্দ্ৰপুৰৰ গোভালি। সম্প্ৰতি চন্দ্ৰপুৰৰ এই গোভালিৰ ৰাজপথত আৰক্ষীৰ কটকটীয়া তালাচীৰ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আছে এক অস্থায়ী স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ । ৰেড জ‘ন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ পৰা কামৰূপ জিলা (মহানগৰ) লৈ প্ৰৱেশ কৰা প্ৰতিখন জৰুৰীকালীন যান-বাহন আৰু আৰোহীৰ লগতে প্ৰতিজন পথচাৰীক আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে তালাচী কৰাৰ লগতে স্বাস্থ্য বিভাগৰ লোকে প্ৰতিজন লোকক কৰিছে থাৰ্মেল টেষ্ট ।মৰিগাঁও জিলাৰ পৰা গুৱাহাটীলৈ প্ৰৱেশ কৰিলেই জৰুৰীকালীন ব্যৱস্থাৰ লগত জড়িত প্ৰতিজন লোকে আৰক্ষীৰ তালাচী চকী আৰু অস্থায়ী স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কৰিব লাগিব নিজৰ নাম আৰু ঠিকনা পঞ্জীয়ন ।

ইপিনে জৰুৰী কালীন সেৱাৰ লগত জড়িত লোকৰ বাদে আন কোনো লোকক ৰেড জ‘ন হিচাপে চিহ্নিত মৰিগাঁও জিলাৰ পৰা গুৱাহাটীলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে । উল্লেখ যে,ৰাজ্য চৰকাৰে কৰ‘ণা আক্রান্ত অঞ্চল আন চাৰিখন জিলাৰ লগতে মৰিগাঁও জিলাক ৰেড জ‘ন হিচাপে ঘোষণা কৰাৰ পিছতেই দুয়োখন জিলাৰ সীমাত থকা চন্দ্ৰপুৰৰ গোভালিৰ ৰাজপথত অসম আৰক্ষী সষ্টম হৈ থকাৰ লগতে স্বাস্থ্য কৰ্মীয়ে কৰিছে স্বাস্থ্য পৰীক্ষা ।

লগতে পঢ়ক : কেন্দ্ৰক মনৰেগা শ্ৰমিকৰ কৰ্মসূচী দুগুন কৰাৰ আহ্বান শচীন পাইলটৰ

ABOUT THE AUTHOR

...view details