অসম

assam

ETV Bharat / state

কৃষক আন্দোলনক 'ৰাজনীতি' আখ্যা কুইন ওজাৰ - guwahati legislative assembly

এফালে নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীত দেশৰ কৃষকসকলৰ আন্দোলন আনফালে নতুন কৃষি আইনৰ সমৰ্থনত দেশৰ ৯ কোটি কৃষক পৰিয়ালক প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে ১৮ হেজাৰ কোটি টকা প্ৰদান ।

PM Modi to transfer Rs 18,000 crore to bank accounts of 9 crore farmers under PM-Kisan scheme today
কৃষক আন্দোলনক ৰাজনীতি আখ্যা কুইন ওজাৰ

By

Published : Dec 25, 2020, 6:04 PM IST

গুৱাহাটী, 25 ডিচেম্বৰ : প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি জৰিয়তে দেশৰ ৯ কোটি কৃষক পৰিয়াললৈ ১৮ হেজাৰ কোটি নতুন কিস্তি প্ৰদান কৰা হয় । গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত এই উপলক্ষ্যে এক অনুষ্ঠান আয়োজন কৰা হয় ৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ কৃষকসকলৰ লগত কৰা মত বিনিময় কৰে আৰু কৃষকসকলক উদ্দেশ্যি দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।

কৃষক আন্দোলনক ৰাজনীতি আখ্যা কুইন ওজাৰ

অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা উপস্থিত থাকে ৷ সাংসদগৰাকীয়ে নতুন কৃষি আইনৰ বিৰুদ্ধে দেশত চলি থকা কৃষক আন্দোলনক ৰাজনীতি বুলি মন্তব্য কৰে । তেওঁ এই আইনৰ ফলত কৃষকে পোনপটীয়াকৈ শস্য বিক্ৰী কৰিব পৰা পাৰিব কাৰণে মধ্যভোগীসকলে আন্দোলনকাৰী কৃষকসকলক ভুল পথে পৰিচালিত কৰি আছে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক:কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ

ABOUT THE AUTHOR

...view details