গুৱাহাটী, ১৮ জুলাই:শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চিকিৎসক ডাঃ সংগীতা দত্তৰ বাহন মোকলাই দিয়াৰ বাবে আদালতত আবেদন দাখিল । POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতত ডাঃ সংগীতা দত্তৰ আত্মীয়ই আবেদন দাখিল কৰে । তোলনীয়া পুত্ৰ-কন্যাক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক দম্পতীক। ইয়াৰ সমান্তৰালভাৱে জব্দ কৰিছিল এ এছ ০১ অ ডব্লুউ ৭৮৭৯ নম্বৰৰ মাৰ্চিডিজ বাহনখন ।
বাহনখনৰ লগতে পল্টনবজাৰৰ ৰোমা এনক্লেভৰ ফ্লেটৰ চাবি বিচাৰিও আদালতত আবেদন দাখিল কৰিছে সংগীতা দত্তৰ আত্মীয়ই । পল্টনবজাৰৰ ফ্লেটটোত মূল্যবান সামগ্ৰী থকাৰ বাবে ঘৰটোৰ চাবি বিচাৰি আবেদন জনাইছে আত্মীয়ই । এই আবেদন মৰ্মে POSCO আইনৰ বিশেষ ন্যায়াধীশৰ আদালতে তদন্তৰ প্রয়োজন নহ’লে বিলাসী বাহনৰ চাবি সংগীতা দত্তৰ আত্মীয়ক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে । উল্লেখ্য যে তোলনীয়া সন্তানক নিৰ্যতন চলাই গ্ৰেপ্তাৰ হৈছিল চিকিৎসক দম্পতী । সম্প্ৰতি কাৰাগাৰত আছে চিকিৎসক দম্পতী ।