অসম

assam

ETV Bharat / state

ঈদৰ দিনা মহানগৰীত এটি কণমানিৰ গছ পুলি বিতৰণ

এই পৱিত্ৰ দিনটোত সকলো ইছলাম ধৰ্মৰ লোকসকলে নামাজৰ অন্তত ঘৰলৈ লৈ গ'ল এটাকৈ গছ পুলি ৷

মহানগৰীত এটি কনমানিৰ গছ পুলি বিতৰণ

By

Published : Jun 5, 2019, 1:51 PM IST

গুৱাহাটী, 05 জুন :আজি পৱিত্ৰ ঈদ-উল-ফিতৰ ৷ ত্যাগ,সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত আজি উলহ মালহৰে ইছলামধৰ্মী লোকসকলে পালন কৰিছে ঈদ ৷ সমান্তৰালকৈ আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷

ঈদৰ দিনা মহানগৰীত এটি কনমানিৰ গছ পুলি বিতৰণ

এই বিশেষ দিনটোত মহানগৰীৰ ৰাজধানী মছজিদত পৰিলক্ষিত হ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ ৰাজধানী মছজিদত ঈদৰ নামাজৰ পিচত এটি কনমানিয়ে গছপুলি বিতৰণ কৰে ৷ এই পৱিত্ৰ দিনটোত সকলো ইছলাম ধৰ্মৰ লোকসকলে নামাজৰ অন্তত ঘৰলৈ লৈ যায় এটাকৈ গছ পুলি ৷ যি সময়ত কংক্ৰীটৰ মহানগৰীত দিনক দিনে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে সেই সময়ত এনেধৰণৰ পদক্ষেপে জনসাধাৰণৰ মাজত যথেষ্ট সজাগতাৰ সৃষ্টি কৰিব বুলি আশা কৰিব পাৰি ৷

ABOUT THE AUTHOR

...view details