গুৱাহাটী, 10 জুনঃবাঘজানৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবীৰে বুধবাৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে প্ৰকৃতিপ্ৰেমী নিৰন্ত গোঁহাইয়ে ৷ অধিবক্তা শান্তনু বৰঠাকুৰৰ সহযোগিতাত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন খনত,বাঘজানৰ জৈৱ-বৈচিত্ৰ আৰু স্থানীয় লোকসকলৰ জীয়াই থকাৰ অধিকাৰ আদি বিষয়ক সাঙুৰি এক উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি,ন্যায়ালয়ে অতি সোনকালে উচিত আৰু প্ৰাপ্য ন্যায় প্ৰদানৰ আহ্বান জনায় প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ৷
বাঘজানৰ ঘটনা সন্দৰ্ভত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল
অধিবক্তা শান্তনু বৰঠাকুৰৰ সহযোগিতাত,বাঘজানৰ ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবীৰে বুধবাৰে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে প্ৰকৃতিপ্ৰেমী নিৰন্ত গোঁহাইয়ে ৷
pil against baghjan incident by nature lover niranta gohain