অসম

assam

ETV Bharat / state

খহনীয়া ৰোধৰ বাবে বিশেষ আঁচনি প্ৰস্তুতৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ কুৱাখনাৰ চিচি টেকেলিফুটাৰ তাকাৰচুক আৰুমায়ং (Massive Erosion at Mayang)অঞ্চলত । ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ লোৱা এই অঞ্চল দুটাত প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয় মন্ত্ৰী পীযুষ হাজৰীকাই ।

By

Published : Oct 10, 2022, 8:35 PM IST

Pijush Hazarika ordered to prevent erosion
খহনীয়া ৰোধত গুৰুত্ব আৰোপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১০ অক্টোবৰ: জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় উচ্চ পদস্থ বিষয়া তথা মুখ্য অভিযন্তাৰ উপস্থিতিত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে (Review meeting of Water Resources in Guwahati) | উল্লেখ্য যে, ছেপ্টেম্বৰৰ শেষত মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চল পৰিভ্ৰমণ কৰোতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপ প্ৰত্যক্ষ কৰিছিল (Pijush Hazarika ordered to prevent erosion) ।

তদুপৰি তেওঁ যোৱা দেওবাৰে জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়তৰ ১নং মূৰকটা অঞ্চল পৰিভ্ৰমণ কৰোতেও ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়া প্ৰত্যক্ষ কৰে | আজিৰ পৰ্যালোচনা কালত মন্ত্ৰীগৰাকীয়ে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ লোৱা এই অঞ্চল দুটাত প্ৰতিৰোধৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয় |

খহনীয়া ৰোধত গুৰুত্ব আৰোপ মন্ত্ৰী পীযুষ হাজৰীকাৰ

উল্লেখযোগ্য যে, ঢকুৱাখনাৰ চিচি টেকেলিফুটাৰ তাকাৰচুক অঞ্চলৰ খহনীয়া (Erosion in Dhakuakhanas Kartakakuka area) প্ৰতিৰোধৰ বাবে এটা প্ৰকল্প এইবাৰ বিভাগীয় ভাৱে প্ৰস্তুত কৰা হৈছে ৷

কিন্তু লখিমপুৰ, ধেমাজি তথা মাজুলীৰ ৰক্ষা কবচ স্বৰূপ ব্ৰহ্মপুত্ৰৰ এই মথাউৰিত খহনীয়া ৰোধৰ বাবে বৃহৎ তথা স্থায়ী আঁচনিৰ প্ৰয়োজনীয়তাৰ বাবে মন্ত্ৰী হাজৰীকাই গুৰুত্ব আৰোপ কৰে । এই ক্ষেত্ৰত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণক বিশেষভাৱে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

আনহাতে, মায়ং (Massive Erosion at Mayang)অঞ্চলত কম সময়ৰ ভিতৰতে কালৰূপ ধৰা খহনীয়াত আক্ৰান্ত লোকসকলক সহায় আগবঢ়াবৰ বাবে আৰু খহনীয়া ৰোধৰ জৰুৰী কাম হাতত ল'বলৈ মৰিগাঁও জিলাৰ উপায়ুক্তক এই খহনীয়াক দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত ব্যৱস্থা লোৱাৰ বাবে আবেদন কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ৷

ইপিনে, এই অঞ্চল দুটাত স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ নোহোৱালৈকে অস্থায়ীভাৱে হ'লেও প্ৰতিৰোধৰ কাম হাতত ল'বলৈ ব্যৱস্থা লোৱাৰ ওপৰতো আজিৰ বৈঠকত গুৰুত্ব প্ৰদান কৰা হয় ।

উক্ত বৈঠকতে মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহত কৰিব লগা প্ৰস্তাৱিত বিভাগীয় কাম সমূহৰ বিষয়েও পৰ্যালোচনা কৰে । তেওঁ এই কামসমূহৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বুজ লয় | বৈঠকখনত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বছি, বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ (FREMAA) মুখ্য কাৰ্য্যবাহী বিষয়া ডাঃ জীৱন বি ,জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি তথা আন বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক:জোনাইত কৃত্ৰিম বানৰ ফলত আধাতে চুটী দিলে বিদ্যালয়

ABOUT THE AUTHOR

...view details