অসম

assam

ETV Bharat / state

PPE Kit Scam: কেলেংকাৰীক লৈ কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই ? - PPE Kit Scam

পিপিই কিট কেলেংকাৰীক (PPE Kit scam in Assam) লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈ থকাৰ সময়তে মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সংবাদমেল । তেওঁৰ মতে অসমত কোনো ধৰণৰ কেলেংকাৰী হোৱা নাই । মুখ্যমন্ত্ৰীৰ পৰিয়াল কোনো ধৰণৰ কেলেংকাৰীৰ লগত জড়িত নহয় ।

PPE Kit Scam
কেলেংকাৰীক লৈ কি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই

By

Published : Jun 4, 2022, 4:51 PM IST

গুৱাহাটী,৪ জুন :ক'ভিড পৰিস্থিতিৰ সময়ত অসমত বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত হোৱাক লৈ শেহতীয়াকৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে দুটাকৈ সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীনৰ পৰা অহা পিপিই কিট (PPE Kit scam in Assam) আৰু ক'ভিড প্ৰতিৰোধৰ বিভিন্ন সামগ্ৰীৰ যোগানৰ নামত ব্যাপক কেলেংকাৰী হৈছে অসমত । এই কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী আৰু তেওঁ পত্নী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে (Assam CM involved in covid related scam)। যাৰ বাবে কিছু দিনৰ পৰা এই বিষয়ক লৈ ৰাজনৈতিক মহলত ব্যাপক আলোচনা হৈ আছে ।

এনে আলোচনাৰ মাজতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ গুৰুত্বপূৰ্ণ সংবাদমেল । তেওঁ দাবী কৰা মতে ক'ভিড সামগ্ৰীৰ কেলেংকাৰীৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়াল কোনো কাৰণতে জড়িত নহয় । দুটাকৈ সংবাদমাধ্যমে ভুৱা বাতৰি পৰিৱেশন কৰি অসমৰ পৰিৱেশ নষ্ট কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে ।

পিপিই কিট কেলেংকাৰী সন্দৰ্ভত স্পষ্টীকৰণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সেই সময়ত পিপিই কিটক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । তেতিয়া চৰকাৰে কেবিনেটত এক সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু ৩৫ খন ফাৰ্মক পিপিই কিট দিবলৈ অনুমোদন জনাইছিল আৰু ৯ খন ফাৰ্মক চেনিটাইজাৰ যোগান ধৰিবলৈ অনুমোদন জনোৱা হৈছিল ।

আনহাতে সংবাদ মাধ্যমে যিখন ফাৰ্মক লৈ বাতৰি পৰিৱেশন কৰি আছে সেই ফাৰ্মখনে কেৱল ৮৫ লাখ টকাৰ হে অনুমোদন পাইছিল । যদি চৰকাৰৰ একাউণ্টৰ পৰা কোনো টকা দিয়া হোৱা নাই তেনেহ'লে কেলেংকাৰী ক'ৰ পৰা হ'ল বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । আনহাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালে এক টকাও পিপিই কিটৰ নামত লোৱা নাই বুলিও তেওঁ দাবী কৰে ।

চৰকাৰে চীনৰ পৰা ৫০ হাজাৰ পিপিই কিট লোৱা নাই । মুখ্যমন্ত্ৰীয়ে সেই সময়ত স্পষ্ট কৰি দিছিল যে চৰকাৰে পিপিই কিট আনিছিল যদিও সেয়া গ্ৰহণ কৰা নাই । দুটাকৈ সংবাদ মাধ্যমৰ বাতৰি মনে সজা আৰু দুষ্ট প্ৰকৃতিৰ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে সংবাদমেলত কাৰ্বি আংলং নিৰ্বাচন সম্পৰ্কেও (Pijush Hazarika on KAAC election) তেওঁ কয় যে ২৬ টা সমষ্টিৰ ভিতৰত আটাইকেইটাতে বিজেপি জয়ী হ'ব । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছৰ অৱস্থা এতিয়া অতি সংকটজনক । তেওঁ দাবী কৰা মতে কংগ্ৰেছত ৭ টা বিসম্বাদী গোট আছে । ভূপেন বৰাই বিজেপিৰ কথা চিন্তা কৰিব নালাগে তেওঁ নিজৰ দলৰ কথা ভাৱক বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক :SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা

ABOUT THE AUTHOR

...view details