অসম

assam

ETV Bharat / state

তিনিগৰাকী শীৰ্ষ বিষয়াৰ নেতৃত্বতে সংঘটিত হৈছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন কেলেংকাৰী - PRESS MEET

হিমন্ত বিশ্ব শৰ্মাক কেৱল মাত্ৰ হাঠিয়াৰ হিচাপেহে ব্যৱহাৰ কৰি আছে বিজেপিৰ শীৰ্ষ নেতৃত্বই, এই কথা অত্যন্ত দুখজনক- সংবাদমেলত এই মন্তব্য অখিল গগৈৰ ৷ ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত তিনিগৰকী পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগৰ বিষয়া জড়িত থকাৰ অভিযোগ অখিল গগৈৰ ৷

পিএনআৰডি নিযুক্তিৰ কেলেংকাৰীকলৈ অখিল গগৈৰ সংবাদমেল

By

Published : Mar 25, 2019, 9:04 PM IST

গুৱাহাটী, 25 মাৰ্চঃ সোমবাৰে দিনৰ 12 বজাতএক সংবাদমেল আয়োজন কৰে কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিটিৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কার্যালয়ত আহ্বান কৰা হৈয় উক্ত সংবাদমেলৰ৷ সংবাদমেলখন সম্বোধন কৰে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে।

পি এণ্ড আৰ ডি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত আয়োজিত হয় এই সংবাদমেল। সংবাদমেলৰ আৰম্ভণিতে কৃষক নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ বাবে টিকট নোপোৱা প্ৰসংগত মন্তব্য কৰি কয় যে, দলটোৱে হিমন্ত বিশ্ব শৰ্মাক কেৱল মাত্ৰ হাঠিয়াৰ হিচাপেহে ব্যৱহাৰ কৰি আছে, এই কথা অত্যন্ত দুখজনক৷

অখিল গগৈৰ পূৰ্ণ সংবাদমেলখন

ইফলে কৃষক নেতাগৰাকীয়ে সংবাদমেলত পঞ্চায়ত আৰু গ্ৰমোন্নয় বিভাগৰ নিযুক্তিত কেলেংকাৰী কি দৰে সংঘটিত কৰিছিল সেই সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে৷ উক্ত কেলেংকাৰীৰ লগত তিনিগৰাকী বিভাগীয় বিষয়া জড়িত হৈ থকাৰ কথা সদৰী কৰে অখিল গগৈয়ে৷ অখিল গগৈয়ে অভিযোগ উত্থাপন কৰা বিষয়া তিনি গৰাকী হৈছে বিভাগীয় অতিৰিক্ত আয়ুক্ত খগেশ্বৰ পেগু, যুটীয়া সঞ্চালক এচ এ লস্কৰ আৰু জেষ্ঠ সহায়ক বাহাৰুল ইছলাম ভূঁঞা৷ দুৰ্নীতিত জড়িত কোনো লোককে সাৰি যাব দিয়া নহ'ব বুলি হুংকাৰ দিয়ে কৃষক নেতাগৰাকীয়ে৷

ABOUT THE AUTHOR

...view details