অসম

assam

লতাশিল খেলপথাৰত একত্ৰিত জনসাধাৰণ : প্ৰসংগ কেব

By

Published : Dec 12, 2019, 7:05 PM IST

লতাশিল খেলপথাৰলৈ সমাগম ঘটিল লাখ-লাখ মানুহৰ । কেবৰ বিৰুদ্ধে অসমৰ জনগণৰ প্ৰতিবাদ লতাশিল খেলপথাৰত ৷ কোনো দল সংগঠন নহয় স্বতঃস্ফুট ভাবে ওলাই আহিছে জনগণ ৷ লাখ লাখ মানুহৰ এটাই দাবী কেব কেতিয়াও মানি লোৱা নহ'ব ৷ প্ৰয়োজন হ'লে মৃত্যুক সাৱটি ল'বলৈও সাজু অসমীয়া ৷

people gathering at latasil
লতাশিল খেলপথাৰত একত্ৰিত জনসাধাৰণ

গুৱাহাটী , 12 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিছে জনতা । বৃহস্পতিবাৰে লতাশিল খেলপথাৰলৈ সমাগম ঘটিল লাখ-লাখ জনতাৰ । কেবৰ বিৰুদ্ধে অসমৰ জনগণ কেৱল ৰাজপথতেই নহয় প্ৰতিবাদৰ বাবে একত্ৰিত হৈছে লতাশিল খেলপথাৰত ৷

লতাশিল খেলপথাৰত একত্ৰিত অসমৰ জনসাধাৰণ

বৃহস্পতিবাৰে কেবৰ বিৰুদ্ধে শিল্পী সমাজ আৰু আছুৰ নেতৃত্বত লতাশিললৈ প্ৰতিবাদৰ বাবে ওলাই আহিল সহস্ৰাধিক জনতা । কেৱল কেবৰ বিৰোধিতাই নহয় বিজেপি চৰকাৰৰ বিৰুদ্ধেও এই প্ৰতিবাদ । লাখ-লাখ মানুহৰ দাবী কেব কেতিয়াও মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে মৃত্যুক সাৱটি ল'বলৈও সাজু অসমীয়া ৷ ৰাজ্যসভাতকেব গৃহীত হ'লেও কেতিয়াও মানি নলয় অসমৰ জনসাধাৰণে । ব্যক্তিগত বাহন অথবা কোনো গাড়ীত নহয় দূৰ-দূৰণিৰ পৰা খোজ কাঢ়িয়ে প্ৰতিবাদত অংশ ল'বলৈ আহিল হাজাৰ হাজাৰ জনতা ।

লতাশিল খেলপথাৰত একত্ৰিত জনসাধাৰণ

আৰু পঢ়ক :বিজেপি মুৰ্দাবাদ ধ্বনিৰে উত্তাল পাঠশালা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details