গুৱাহাটী, 14 আগষ্ট : 'মেৰা দেশ মহান’ ৷ স্বাধীনতা দিৱস উপলক্ষে এইদৰে আওৰাইছে ৰাকেশ পালে ৷ দেশপ্ৰেম উতলি উঠিছে ৰাকেশ পালৰ ৷ দুৰ্নীতিৰ সদাগৰ বুলি কুখ্যাতি লভা ৰাকেশ পালে এতিয়া দেশৰ স্বাধীনতা দিৱস উপলক্ষে ৰচনা আৰু সুৰ দি গাইছে এটি গান ।
ৰাকেশ পালক মনত আছে নে আপোনাৰ ? এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ কথাকে আমি ক’ব খুজিছো । এপিএছচিত দুৰ্নীতিৰে চাকৰিৰ বেহা পতা আৰু পৰ্বতসম সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগত প্ৰায় ৬ বছৰ জে’লত থাকি সদ্যহতে জামিন লাভ কৰি মুকলি আকাশৰ তলত ৰাকেশ পাল ৷ এইজন ৰাকেশ পাল এতিয়া ব্যস্ত ধৰ্মীয় কাম-কাজ আৰু সংগীত চৰ্চাত । দেশ প্ৰেমেৰে উদ্বুব্ধ হৈ এইবাৰ গীত লিখি সুৰ দি গাইেছ ৰাকেশ পালে ৷
মণিপুৰক বাদ দি সমগ্ৰ দেশৰ লগতে অসমতো স্বাধীনতা দিৱসৰ উলাহ । পিচ পৰি থকা নাই এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ তথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ৬ বছৰীয়া অতিথি ৰাকেশ পাল ৷ স্বাধীনতা দিৱস উপলক্ষে ’মেৰা দেশ মহান’ শীৰ্ষক গীত ৰচনা কৰি সুৰ দি পৰিৱেশন কৰি সোমবাৰে পুৱাৰে পৰা সামাজিক মাধ্যমত চৰ্চাত আছে ৰাকেশ পাল ৷ সোমবাৰে সন্ধিয়া মুকলি হ’ব ৰাকেশ পালৰ এই গীতটি ৷