অসম

assam

ETV Bharat / state

কেব নামানে অসমীয়াইঃ অব্যাহত আছে ক্ৰোধৰ দাবানল

বৃহত্তৰ খৰিকতীয় বাসী ৰাইজৰ সহযোগত ৰাজপথ ভীৰ কৰে শতাধিক পুৰুষ মহিলাই। আজি ৰাজ্যসভাত CAB গৃহীত হ'লে হাতত হেংদাং হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে মৰিয়ণীৰ মহিলাই ।

By

Published : Dec 11, 2019, 5:28 PM IST

হেংদাং হাতত তুলি লোৱাৰ হুংকাৰ মৰিয়ণীৰ মহিলাৰ
হেংদাং হাতত তুলি লোৱাৰ হুংকাৰ মৰিয়ণীৰ মহিলাৰ

নিউজ ডেস্ক, 11 ডিচেম্বৰ: বুধবাৰেজালুকবাৰী আৰক্ষী থানাৰ সন্মুখত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। কেবৰ বিৰোধিতাৰে জালুকবাৰী আৰক্ষী থানাৰ সন্মুখত বহি পৰিল পাণ্ডো মহাবিদ্যালয়ৰ ছাত্ৰসমাজ ৷ প্ৰতিবাদী সমদলক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা চলাই যদিও আৰক্ষীৰ বাধাকো নেওচি শৰাইঘাটলৈ আগবাঢ়ে সমদলটো ৷ সমান্তৰালকৈ বুধবাৰে উত্তপ্ত হৈ পৰিল ধেমাজী আৰু গোলাঘাট জিলা ৷ স্বতস্ফূতভাৱে প্ৰতিবাদেৰে উত্তপ্ত হৈ পৰিল সমৰ ধেমাজি চহৰ। কেবৰ বিৰোধিতাৰে ওলাই আহিল দল সংগঠনৰ লগতে পুৰুষ মহিলা । বিশাল সমদল উলিয়াই ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ঘাই পথত অৱস্থান কৰি সাৱ্যস্ত কৰে প্ৰতিবাদ ।

আনহাতে মৰিয়ণীৰ পৰা ওলাই আহিল মূলাগাভৰু ৷ বিধেয়কৰ বিৰুদ্ধে মৰিয়নীৰ খৰিকতীয়ৰ সমীপৰ ধোদৰ আলি অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে প্ৰতিবাদকাৰীয়ে । বৃহত্তৰ খৰিকতীয় বাসী ৰাইজৰ সহযোগত ৰাজপথ ভীৰ কৰে শতাধিক পুৰুষ মহিলাই। আজি ৰাজ্যসভাত CAB গৃহীত হ'লে হাতত হেংদাং হাতত তুলি লোৱাৰ হুংকাৰ দিয়ে মৰিয়ণীৰ মহিলাই ।

ABOUT THE AUTHOR

...view details