অসম

assam

By

Published : Feb 11, 2023, 9:02 PM IST

ETV Bharat / state

BJP observed Dedication Day: পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্যতিথি 'সমৰ্পণ দিৱস' হিচাপে উদযাপন

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সমপর্ণ দিৱসত পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ । একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ মতাদৰ্শই ভাৰতক বিশ্ব শক্তি হিচাপে গঢ়ি তুলিব । বিজেপি দল গঠন হোৱাৰ পিছত দলে একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াক দলৰ মূল নীতি,আদর্শ হিচাপে গ্রহণ কৰে ।

BJP observed Dedication Day
পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পূণ্যতিথি 'সমৰ্পণ দিৱস' হিচাপে উদযাপন

গুৱাহাটী,১১ ফ্ৰেব্ৰুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো আজি বিজেপিৰ কাৰ্যকৰ্তাই ভাৰতীয় জনসংঘৰ অন্যতম প্রতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ পূণ্যতিথি “সমৰ্পণ দিৱস” হিচাপে উদযাপন কৰি শ্ৰদ্ধা নিবেদন কৰে (BJP observed Dedication Day) । গুৱাহাটীস্থ দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি সমপর্ণ দিৱস উপলক্ষে স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয় । সভাত দলৰ ৰাজ্যিক উপ-সভাপতি অজয় কোঁৱৰ, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী আঙুৰলতা ডেকা, ৰাজ্যিক কার্যালয়ৰ সম্পাদক সুশান্ত বিশ্বাসৰ লগতে দলীয় কার্যকৰ্তাসকল উপস্থিত থাকে ।

ৰাজ্যিক কাৰ্যালয়ৰ লগতে দলৰ ৩৯ খন সাংগঠনিক জিলাতো জিলা ভিত্তিত সমৰ্পণ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰা হয় (Pandit Deendayal Upadhyay) । উল্লেখ যে ১৯৬৮ চনৰ ১১ ফেব্ৰুৱাৰীত পণ্ডিত দীনদয়াল উপাধ্যায়ক হত্যা কৰা হৈছিল । তেওঁৰ এই বলিদানৰ দিনটোক ভাৰতীয় জনতা পাৰ্টিয়ে প্রতিষ্ঠা কালৰে পৰা “সমৰ্পণ দিৱস” হিচাপে পালন কৰি আহিছে ।

ইফালে ত্ৰিপুৰাৰ নিৰ্বাচনী প্রচাৰৰ মাজতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰি কয় যে দীনদয়াল উপাধ্যায়ে আগবঢ়োৱা একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ চিন্তাধাৰাৰে পৰিপুষ্ট হৈ দেশক বিশ্ব শক্তি হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে । লগতে মুখ্যমন্ত্রী ড০ শর্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক দলৰ অন্যতম প্রতিষ্ঠাপক পিতৃ আৰু মতাদৰ্শগত প্ৰেৰণাৰ কেন্দ্ৰবিন্দু বুলি বর্ণনা কৰে (CM Himanta Biswa Sarma) ।

আনহাতে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে বিভিন্ন ৰূপত একতাৰ অভিব্যক্তি ভাৰতীয় সাংস্কৃতিক চিন্তাধাৰাৰ মূল আধাৰ বুলি কৈ অনৈক্যৰ মাজত ঐক্যৰ অৱধাৰণাক শক্তিশালী কৰাত পণ্ডিত দীনদয়াল উপাধ্যায়ে অৰিহণা আগবঢ়াইছিল । উল্লেখ্য যে ১৯৬৫ চনৰ ২২ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ভাৰতীয় জনসংঘৰ প্রতিনিধি সভাত সমসাময়িক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক, সামাজিক, কূটনৈতিক, সামৰিক আৰু অৰ্থনৈতিক দিশ সামৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে এলানি বক্তৃতা প্ৰদান কৰিছিল ।

এই বক্তৃতাৰ মাজেৰে পণ্ডিত উপাধ্যায়ে সমাজবাদী, মার্ক্সবাদী-কমিউনিষ্ট মতাদৰ্শৰ সংকীর্ণতা তথা পুজিঁবাদী চিন্তাধাৰাৰ সীমাৱদ্ধতাৰ বিষয়ে বিস্তাৰিতভাৱে বাখ্যা আগবঢ়াইছিল । পৰৱৰ্তী সময়ত এই বাখ্যাকেই একাত্ম মানৱতাবাদৰ দৰ্শন হিচাপে ৰাজনৈতিক বিশ্লেষকসকলে আখ্যা দিয়ে । পণ্ডিত দীনদয়াল উপাধ্যায়ে সবোদয় আৰু ভাৰতীয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ আধাৰত প্ৰদান কৰা ভাষণে পৰৱৰ্তী সময়ত ভাৰতীয় ৰাজনৈতিক দলসমূহৰ চিন্তাধাৰাক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল ।

অন্ত্যোদয়াৰ ধাৰণাও একাত্ম মানৱতাবাদৰ পৰাই বিকশিত হৈছিল । উল্লেখ্য যে ১৯৮২ চনত অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি গঠন হোৱাৰ পিচত দলে একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াক দলৰ মূল নীতি,আদর্শ হিচাপে গ্রহণ কৰে । সেয়েহে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰসমূহে সমাজৰ সকলো শ্ৰেণীৰ একতাৰ মাজেৰে ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশৰ পথ আগবঢ়াই নি দেশক বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰি আহিছে । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বশক্তি হিচাপে বিকশিত কৰাৰ বাবে দিয়া 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' নীতি একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ চিন্তাৰ পৰাই অনুপ্রাণিত হোৱা বুলি কোৱা হয় ।

লগতে পঢ়ক:Construction Workers Protest: শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল সোণাৰাম হাইস্কুলৰ খেলপথাৰ

ABOUT THE AUTHOR

...view details