অসম

assam

ETV Bharat / state

কামৰূপত আৰ্থিক সাহায্য বিতৰণত অনিয়ম, নিলম্বন ২ সচিব - lock down

বুধবাৰে নিলম্বন কৰে কামৰূপ জিলা পৰিষদৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আঁচলপাৰা গাঁও পঞ্চায়ত আৰু হাতীপাৰা গাঁও পঞ্চায়তৰ সচিবদ্বয়ক । গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰি থকা ১০০০ টকাৰ অৰ্থ সাহায্য বিতৰণত পঞ্চায়ত দুখনৰ খেলিমেলিৰ বাবেই নিলম্বন কৰে সচিব দুগৰাকীক ।

গুৱাহাটী
কামৰূপৰত আৰ্থিক সাহায্য বিতৰণত অনিয়ম, নিলম্বন ২ সচিব

By

Published : Apr 29, 2020, 10:04 PM IST

গুৱাহাটী, ২৯ এপ্ৰিলঃ কামৰূপ জিলা পৰিষদৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আঁচলপাৰা গাঁও পঞ্চায়ত আৰু হাতীপাৰা গাঁও পঞ্চায়তৰ সচিবদ্বয়ক নিলম্বন । বুধবাৰে নিলম্বন কৰে হয়জান আলী আৰু ফুলচান্দ আলীক ।

কামৰূপৰত আৰ্থিক সাহায্য বিতৰণত অনিয়ম, নিলম্বন ২ সচিব

খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা গ্ৰাম্য দুখীয়া পৰিয়াললৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত প্ৰদান কৰি থকা ১০০০ টকাৰ অৰ্থ সাহায্য বিতৰণত পঞ্চায়ত দুখনৰ খেলিমেলিৰ বাবেই নিলম্বন কৰা হয় সচিব দুগৰাকীক । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত বিভাগৰ আয়ুক্ত হেমেন দাসে এই নিৰ্দেশ জাৰি কৰে ।

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশৰ জনসাধাৰণক ৰক্ষা কৰাৰ অৰ্থে দেশজুৰি জাৰি কৰা লক ডাউনৰ পৰিপ্ৰেক্ষিতত খাদ্য সুৰক্ষাৰ কাৰ্ড নথকা দুখীয়া পৰিয়ালসমূহক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য ১০০০ টকাকৈ নগদ ধন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰি বিভাগীয় মন্ত্ৰী নৱ কুমাৰ দলেই এই ধন বিতৰণত যাতে কোনো খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে সঁকিয়াই দিয়াৰ উপৰিও এই ক্ষেত্ৰত গাফিলতি প্ৰত্যক্ষ কৰিলে কঠোৰ পদক্ষেপ লোৱা হ'ব বুলিও ঘোষণা কৰিছিল ।

ABOUT THE AUTHOR

...view details