গুৱাহাটী,5 জানুৱাৰীঃ সোমবাৰে পল্টন বজাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত গুৱাহাটীৰ ২ নম্বৰ গেটৰ পৰা ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।
পল্টন বজাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - আৰক্ষীয়ে তদন্ত অব্যাহত
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
পল্টন বজাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
ইপিনে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে 08/2021 U/S 21(b) আৰু 22(b)NDPS Actৰ অধিনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । আনহাতে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে মহম্মদ ওচমান খান(২৮),ইব্ৰাহিম খান(২২),শুকুৰ আলি(১৯) আৰু নজৰুল ইচলাম ।
লগতে পঢ়কঃ মাজুলীত স্কুটী বিতৰণ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে