গুৱাহাটী, ২৮ মাৰ্চ :অত্যাৱশ্যকীয় সামগ্ৰীৰ নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে বিৰোধীয়ে(Opposition protest over price rise in Assam Assembly) । বিধানসভাত প্ৰশ্নোত্তৰ কাল শেষ হোৱাৰ পিছতে বিৰোধী পক্ষই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হোৱাৰ অভিযোগ তুলি এক সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে । কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি এম আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঐক্যবদ্ধভাৱে এই সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু হাতে হাতে প্লে' কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি প্ৰতিবাদ সাব্যস্ত কৰে ।
"বিজেপি চৰকাৰ হায় হায়", "মূল্যবৃদ্ধি ৰোধ কৰক" আদি শ্ল'গানেৰে বিৰোধীয়ে অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ জনালেও কিন্তু অধ্যক্ষই বিৰোধীৰ উক্ত সভা স্থগিত প্ৰস্তাৱ নাকচ কৰে । অধ্যক্ষই সদনত কয় যে, নিয়ম অনুসৰি সভাস্থগিত প্ৰস্তাৱৰ জাননী বিৰোধীৰ ফালৰ পৰা লাভ কৰা হোৱা নাই । সদন আৰম্ভ হোৱাৰ কমেও এঘন্টা পূৰ্বে এইধৰণৰ সভা স্থগিত প্ৰস্তাৱৰ জাননী বিধানসভা সচিবালয়ে লাভ কৰিব লাগে যদিও বিৰোধীয়ে সেই সময় মানি চলি জাননী দিয়া নাছিল ।