অসম

assam

ETV Bharat / state

Opposition Unity Forum: আসন বুজাবুজিক লৈ বৃহস্পতিবাৰে গুৱাহাটীত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক - অসম জাতীয় পৰিষদ

লক্ষ্য বিজেপিক পৰাভূত কৰা । কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলে বৃহস্পতিবাৰে বিয়লি ২ বজাত মিলিত হ’ব হোটেল লিলিত । অংক হ’ব আসনৰ । কেইবাটাও দলে প্ৰস্তুত কৰিছে নিজা প্ৰাৰ্থীৰ তালিকা । বৈঠকত প্ৰাৰ্থী তালিকাক লৈ হ’ব বিশদ আলোচনা । তৃণমূল কংগ্ৰেছক লাগে পাঁচখন আসন । ৰাইজৰ দল আৰু চি পি আই এম দলকো লাগে এখনকৈ আসন । অসম জাতীয় পৰিষদে বিচাৰিব তিনিখন আসন । আম আদমি পাৰ্টীকো লাগিব তিনিখন আসন । লক্ষণীয় হ’ব বিগ ব্ৰাদাৰ কংগ্ৰেছে কাক কেনেকৈ সন্তুষ্ট কৰে ।

Opposition Unity Forum
বিৰোধী ঐক্য মঞ্চৰ গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 2:08 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ :কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । গুৱাহাটীৰ হোটেল লিলিত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া বৈঠকখনত বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই অংশ গ্ৰহণ কৰিব । বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰাক লৈ হ’ব বিশদ আলোচনা । ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে ।

কাইলৈৰ বৈঠকতে প্ৰতিটো দলে নিজা নিজা মতামত দাঙি ধৰাৰ লগতে সমষ্টি ভাগ-বাটোৱাৰা সন্দৰ্ভত আলোচনা কৰিব । উল্লেখ্য যে, বিজেপিক প্ৰতিহত কৰাৰ স্ব‍াৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । এ আই ইউ ডি এফক বাদ দি বাকী প্ৰায় সকলো বিৰোধী দলেই ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ । ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা 'INDIA'ৰ দৰে অসমত ঐক্যবদ্ধ হৈছে ১২ টা দল । অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চই ইতিমধ্যে কেইবালানি বৈঠকত মিলিত হৈছিল । কিন্তু লোকসভা নিৰ্বাচনত কাৰ কিমান আসন থাকিব সেই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাছিল । কাইলৈৰ বৈঠকত কোনে ক’ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাকে লৈ আলোচনা হ’ব ।

লক্ষণীয় বিষয় যে, বিজেপিক পৰাভূত কৰাৰ বাবে বিৰোধী ঐক্য মঞ্চই প্ৰতিটো সমষ্টিত উমৈহতীয়া একোজন প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে । উল্লেখ্য যে, বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ১২ টাকৈ দল ঐক্যবদ্ধ হৈছে যদিও প্ৰত্যেকেই নিৰ্বাচনৰ বাবে নিজাববীয়াকৈ ইতিমধ্যে কুচ-কাবাজ আৰম্ভ কৰিছে । ইফালে এই তৎপৰতাৰ মাজতে ১৪ টা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ ৮৪ জনীয়া এখন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পিচত বিৰোধী ঐক্যত অসন্তুষ্টিয়ে বিৰাজ কৰিছিল । বিৰোধী ঐক্যত থকা দলসমূহে সকলো বিষয় স্পষ্ট কৰাৰ বাবে বৈঠকৰ পোষকতা কৰিছিল । এনে প্ৰেক্ষাপটত বিৰোধী ঐক্য যাতে বিঘ্নিত নহয় তাৰ বাবে কংগ্ৰেছে বিৰোধী ঐক্য মঞ্চৰ বৈঠকৰ আয়োজন কৰিছে ।

বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জানিবলৈ দিয়া মতে ১২ টা দলৰ নেতৃত্বকলৈ এই বৈঠকৰ আয়োজন কৰা হৈছে । বৈঠকত ঐক্য মঞ্চত থকা প্ৰতিটো দলৰ সাংগঠনিক আৰু ৰাজনৈতিক বিষয়সমূহ আলোচনা কৰা হ’ব । বৈঠকত প্ৰতিটো দলে নিজা নিজা বিষয় উত্থাপন কৰিব । আগন্তুক লোকসভা নিৰ্বাচনক লৈ দলসমূহে ব্যক্ত কৰিব নিজা চিন্তা-চৰ্চা । এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ নেতাই অংশ গ্ৰহণ কৰিব । প্ৰয়োজনত দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে পুনৰ বৈঠক অনুষ্ঠিত কৰা হ’ব বুলিও ভূপেন বৰাই জানিবলৈ দিয়ে ।

লক্ষণীয় বিষয় যে অসমত কংগ্ৰেছৰ নেতৃত্বত ১২ টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছে যদিও আৰম্ভণিৰে পৰাই তেওঁলোকৰ মাজত সমন্বয়ৰ অভাৱ পৰিলক্ষিত হৈছে । বিভিন্ন সময়ত বিৰোধী ঐক্য মঞ্চত বিতৰ্কৰ সূচনা হোৱা দেখা গৈছে । তাৰে মাজতে কংগ্ৰেছৰ উপৰি বিৰোধী ঐক্য মঞ্চত থকা দলসমূহেও নিজা নিজা প্ৰার্থী তালিকা প্ৰস্তুত কৰি উলিয়াইছে । জানিব পৰা মতে, কাইলৈৰ বৈঠকত প্ৰতিটো দলেই নিজৰ নিজৰ প্ৰাৰ্থী তালিকা উপস্থাপন কৰিব । বিৰোধী ঐক্য মঞ্চত থকা চি পি আই (এম) আৰু ৰাইজৰ দলে এটাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে ।

ইফালে অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে কেইবাখনো আসনত প্ৰার্থী থিয় কৰোৱাৰ বাবে তালিকা প্ৰস্তুত কৰিছে । উল্লেখ্য যে, তৃণমূল কংগ্ৰেছে পাঁচখন আসন বিচৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে । জানিব পৰা মতে চি পি আই (এম) দলে বৰপেটা সমষ্টিত প্ৰার্থী থিয় কৰোৱাৰ সিদ্ধান্ত সন্দৰ্ভত অসমৰ দায়িত্বত থকা জ্যেষ্ঠ কংগ্ৰেছী নেতা জিতেন্দ্ৰ সিঙকো সাক্ষাৎ কৰিছে । ইফালে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত দলৰে সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নামটো প্ৰস্তাৱ কৰিছে । সেইদৰে অসম জাতীয় পৰিষদে ডিব্ৰুগড়, লখিমপুৰ আৰু বৰপেটা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে চিন্তা-চৰ্চা কৰিছে ।

আনহাতে আম-আদমি পাৰ্টিয়ে কমেও তিনিখন আসনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । অৱশ্যে সকলো বিষয় বিৰোধী ঐক্য মঞ্চত আলোচনা হোৱাৰ পাচতহে স্পষ্ট হ’ব । এটা কথা ঠিক যে আসন ভাগ-বাটোৱাৰৰ বিষয়টো এটা বৈঠকতে মীমাংসা কৰাটো কংগ্ৰেছৰ বাবে সম্ভৱ নহ’ব । ইফালে সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী দলসমূহৰ ঐক্যমঞ্চ ‘ইণ্ডিয়া’ গঠন হৈছে, সেয়েহে ইণ্ডিয়াত অন্তর্ভুক্ত হোৱা দলসমূহে প্ৰতিখন ৰাজ্যৰ পৰা লোকসভা সমষ্টি সন্দৰ্ভত তালিকা বিচাৰিছে । উক্ত তালিকাৰ ভিত্তিতহে সৰ্বভাৰতীয় পর্যায়ত আসন ভাগ-বাটোৰোৱা হ’ব ।

ইফালে কংগ্ৰেছৰ নিজৰ মাজতো সমষ্টিক লৈ যুঁজ-বাগৰ আৰম্ভ হৈছে । বিশেষকৈ নগাঁৱৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি চৰ্চা চলাৰ পাছতেই নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে । তেওঁ কোনো কাৰণতে নগাঁও সমষ্টি এৰি দিয়াৰ পক্ষপাতি নহয় । এনে পৰিস্থিতিত কংগ্ৰেছৰ মাজত সংঘাত লগাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । এনে সামগ্ৰিক প্ৰেক্ষাপটত কাইলৈৰ বৈঠক বিশেষ তাৎপৰ্যপূৰ্ণ হ’ব । কংগ্ৰেছৰ বাবে সকলোকে সন্তুষ্ট কৰাটো সহজ নহ’ব সেয়া নিশ্চিত ।

লগতে পঢ়ক :Badruddin Ajmal Controversy: মুছলমান সন্দৰ্ভত আজমলৰ মন্তব্যক সমৰ্থন জনালে মন্ত্ৰী পীযুষ হাজৰীকাই

ABOUT THE AUTHOR

...view details