অসম

assam

By

Published : Feb 21, 2022, 9:34 PM IST

ETV Bharat / state

Municipal Election 2022: পৌৰসভা নিৰ্বাচনত কোনে, কাক, ক'ত দিছে ভাবুকি ?

পৌৰসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দলৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ ভয়-ভাবুকিৰে বিৰোধী দলৰ প্ৰাৰ্থীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে (BJP accused of threatening candidates to withdraw nomination) ৷

BJP alleged threatening opposite candidate
পৌৰসভা নিৰ্বাচনত কোনে, কাক, ক'ত দিছে ভাবুকি ?

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী:"বিজেপিয়ে আচলতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোখোজে ৷ কাৰন তেওঁলোকে জানে যে জয়ী হ’ব নোৱাৰিব ৷ সেয়েহে বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰে বহু পৌৰসভাত বহুকেইজন প্ৰতিদ্বন্দ্বীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছে (BJP accused of threatening candidates to withdraw nomination) ৷ " এই দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

পৌৰসভা নিৰ্বাচনত কোনে, কাক, ক'ত দিছে ভাবুকি ?

বিৰোধী দলপতিগৰাকীয়ে বিভিন্ন পৌৰসভাত সংঘটিত একাধিক ঘটনা উদাহৰণ হিচাপে দাঙি ধৰে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনায়েই কংগ্ৰেছে বহু পৌৰসভাত সমাজৰ গুণী লোকক, সেই অঞ্চলৰ শিক্ষিত ব্যক্তিত্বক প্ৰাৰ্থিত্ব দিছিল । কিন্তু তেনে কেইবাজনো প্ৰাৰ্থীক বিনা কাৰণত স্থানীয় থানালৈ মাতি আনি হাৰাশাস্তি চলোৱা হ'ল আৰু তেওঁলোকক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দিয়া হ'ল (threatening candidates to withdraw nomination) ।

আনহাতে, মনোনয়ন দাখিলৰ শেষ দিনাৰ পৰা প্ৰত্যাহাৰৰ বাবে মাজত তিনিদিন সময় দিয়া হয় যদিও এইবাৰৰ পৌৰ নিৰ্বাচনত অতি কৌশলেৰে পাঁচ দিন সময় দিয়া হৈছে । এই সময় এইবাৰ দীঘলীয়া কৰাৰ কাৰণ কি বুলিও বিৰোধী দলপতি গৰাকীয়ে প্ৰশ্ন তোলে ৷

দেৱব্ৰত শইকীয়াৰ স্পষ্ট অভিযোগ- এই পৌৰ নিৰ্বাচনত বিজেপি দলে সমগ্ৰ প্ৰশাসন যন্ত্ৰ আৰু আৰক্ষী বাহিনীক নিজৰ পক্ষত ব্যৱহাৰ কৰিছে । আচলতে, বহু পৌৰসভাত বিজয় অসম্ভৱ বুলি জানিয়েই বিজেপিয়ে এইধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি তেওঁ অভিযোগ তোলে । বিৰোধী দলপতিগৰাকীয়ে লগতে কয় যে, সাধাৰণতে পৌৰ নিৰ্বাচনসমূহত শিক্ষিত সমাজখনেই ভোটদান কৰে । কিন্তু বিজেপিয়ে কুটকৌশলেৰে এই ব্যৱস্থাটোকেই কলুষিত কৰিছে ।

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মা পুলিচৰ সেনাপতি আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ

ABOUT THE AUTHOR

...view details