অসম

assam

ETV Bharat / state

Assam state film award controversy: বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী স্থিতি - মন্ত্ৰী বিমল বড়া

নাহিদ আফ্ৰিনৰ বঁটা বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দুই মন্ত্ৰীৰ মতৰ অমিল ৷ মন্ত্ৰী পীয়ূষ হাজৰীকা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ মাজত দেখা গ’ল মতৰ পাৰ্থক্য ৷ পীয়ূষ হাজৰীকাই নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে বুলি কোৱাৰ বিপৰীতে বিমল বৰাই ক’লে বঁটাটো নাহিদেই পাইছে (Assam state film award controversy) ৷

Assam state film award controversy
বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী স্থিতি

By

Published : Mar 15, 2023, 9:43 PM IST

গুৱাহাটী, 15 মাৰ্চ:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনত মন্ত্ৰীসকলৰ পৰস্পৰৰ কথাৰ মাজত কোনো ধৰণৰ মিল নাই ৷ এজনে এটা কথা কয় যদি আন এজনে আন এটা কথা কয় ৷ পৰস্পৰ বিৰোধী স্থিতি গ্ৰহণ কৰে মন্ত্ৰীসকলে । তাৰেই প্ৰতিফলন ঘটিল বুধবাৰে বিধানসভা চৌহদত ৷ গান আৰু বঁটা বিতৰ্কক লৈ দুই মেৰুত অৱস্থান কৰিলে দুই মন্ত্ৰীয়ে (Assam state film award controversy) ৷

উল্লেখ্য যে সোমবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰতত প্ৰদান কৰা হৈছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ৷ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে লাভ কৰিছিল 2018 বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা ৷ এই বঁটা প্ৰদানৰ পিচতে সৃষ্টি হৈছিল বিতৰ্কৰ ৷ নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছে, সেই গীতটো নাহিদে গোৱা নাছিল, গাইছিল ৰূপজ্যোতি দেৱীয়েহে (Nahid Afrin controversy) ৷

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বদৈমাৰীৰ পৰা বঁটা গ্ৰহণৰ মূহুৰ্তত নাহিদ

‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল ৷ যাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ খোলে দুই মন্ত্ৰীয়ে ৷ কিন্তু দেখা গ'ল বঁটা বিতৰ্কক লৈ দুই মন্ত্ৰীৰ দুই ভাষ্য ৷ এজনে ক’লে নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে আৰু এজনে ক’লে নাহিদ আফ্ৰিনেই বঁটা পাইছে আৰু ঘূৰাই দিব নালাগে (Assam Film award controversy) ৷

নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব লাগে বুলি চৰকাৰৰ মুখপাত্ৰ হিচাপে ক'লে মন্ত্ৰী পীয়ূষ হাজৰীকাই (Minister Piyush Hazarika) ৷ ইয়াৰ বিপৰীতে বঁটা ঘূৰাই দিব নালাগে বুলি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷ বঁটা ঘূৰাই দিব নালাগে বুলি যুক্তি দি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয় যে বঁটা নাহিদ আফ্ৰিনকে দিয়া হৈছে প্ৰযোজক-পৰিচালকে দিয়া মনোনয়নৰ ভিত্তিত ৷ বঁটাটো নাহিদ আফ্ৰিনেই পাইছে ৷ নাহিদ আফ্ৰিনে বঁটা ঘূৰাই দিব নালাগে ৷ গতিকে এই বিতৰ্কৰ অৱসান হ'ব লাগে ৷ চিনেমাখনত নাহিদ আফ্ৰিনে যিটো গান গাইছে সেই গানটোৰ বাবেহে বঁটা পাইছে ৷

নাহিদ আফ্ৰিনৰ হাতত চলচ্চিত্ৰ বঁটা

মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Borah) এই ভাষ্যৰ বিপৰীতে চৰকাৰী মুখপাত্ৰ হিচাবে মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে চিনেমাখনত গান গোৱা তিনিজনৰ নাম দিয়া আছিল ৷ এয়া চৰকাৰ বা জুৰীৰ ভুল নহয় ৷ নাহিদ আফ্ৰিনে নিজে গানটো গাইছেনে নাই ক’ব লাগিছিল ৷ প্ৰযোজক-পৰিচালকে দিয়া নামৰ ভিত্তিত বঁটাটো দিছে ৷ গানটো যদি নাহিদ আফ্ৰিনে গোৱা নহয় তেন্তে নিয়ম মতে নাহিদ আফ্ৰিনে বঁটাটো ঘূৰাই দিব লাগে ৷

দুগৰাকী মন্ত্ৰীৰ এনে পৰস্পৰ বিৰোধী ভাষ্যই চৰকাৰখনৰ বাস্তৱ স্বৰূপটোকে উদঙাই দিছে ৷ বিতৰ্কৰ সৃষ্টি কৰা এটা বিষয়ক বিতৰ্কমুক্ত কৰাৰ বিপৰীতে দুই মন্ত্ৰীয়ে আৰু অধিক বিভ্ৰান্তিকৰ কৰি তুলিলে ৷ অৱশ্যে দুই মন্ত্ৰীৰ পৰস্পৰ বিৰোধী ভাষ্যৰ বিপৰীতে অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা খুজিলে জুৰি ব’ৰ্ডে ৷ অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে জুৰি ব’ৰ্ডৰ সদস্য তথা পৰিচালক চন্দ্ৰ মুদৈয়ে ৷ তেওঁ বঁটাটো নাহিদ আফ্ৰিনেই পোৱাৰ কথা সদৰী কৰে ৷

লগতে পঢ়ক:State film award 2023 Nahid Afrin controversy: এয়া অনাকাংক্ষিত ভুল, ক্ষমা খুজিলে জুৰী ব’ৰ্ডে

ABOUT THE AUTHOR

...view details