গুৱাহাটী, ২৯ ছেপ্টেম্বৰ:আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটীৰ ভিন্ন প্রান্তত অবৈধভাৱে গঢ় লৈ উঠিছে চুলাইৰ ঘাটি । কামৰূপ মহানগৰ জিলা আবকাৰী বিভাগে বৃহস্পতিবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ সহযোগত গুৱাহাটীৰ বোন্দা, চপাইদাং, হাজংবড়ি, ঠাকুৰকুছিত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও চুলাই ঘাটি উচ্ছেদ কৰে । আৰক্ষীয়ে লগতে বৃহৎ পৰিমাণৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় ।
কামৰূপ (ম) আবকাৰী পৰিদৰ্শক অৰিজিৎ বৰা আৰু আৱকাৰী উপ পৰিদৰ্শক উদয়জ্যোতি বৰাৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহাৰ কৰা ১০০ কিলোগ্ৰাম পাচ, ১০ কিলো বাখৰ, ২২০ লিটাৰ চুলাই নষ্ট কৰাৰ লগতে জব্দ কৰে । তদুপৰি চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত ১৫ টা যন্ত্ৰৰ লগতে আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে বহু বাচন বৰ্তন, গেলন আদি ভাঙি পেলাই ।
অৱশ্যে চুলাইৰ ৰমৰমীয়া বেহা চলাই অহা কোনো লোকক আৰক্ষী তথা অৱকাৰী বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষী অহাৰ উমান পাই চুলাইৰ ব্যৱসায়ী সকল পলাই যাবলৈ সক্ষম হয় । উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা বোন্দা, পানীখাইতি, চন্দ্ৰপুৰৰ হাজংবৰি আদি অঞ্চলত চুলাইৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ সমাজ বিৰোধী লোকে ।