অসম

assam

ETV Bharat / state

পৰিত্যক্ত ৰাজহুৱা প্ৰস্ৰাৱগাৰেৰে কেনেকৈ সম্ভৱ স্মাৰ্ট গুৱাহাটী ! - GMC

ৰাজহুৱা প্ৰস্ৰাৱগাৰ নোহোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে গুৱাহাটীবাসী । গুৱাহাটী পৌৰ নিগমে ৰাইজৰ সুবিধাৰ্থে মহানগৰীত বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে যদিয়ো সেয়া বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হৈছে । তাৰে জ্বলন্ত ছবি দেখা গৈছে গুৱাহাটীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এলেকা দিশপুৰত স্থাপন কৰা ৰাজহুৱা প্ৰস্ৰাৱগাৰত ৷

Open Public Toilet System at guwahati
গুৱাহাটীৰ পৰিত্যক্ত ৰূপ

By

Published : Mar 4, 2020, 8:09 PM IST

Updated : Mar 4, 2020, 9:18 PM IST

গুৱাহাটী,4 মাৰ্চঃৰাজহুৱা প্ৰস্ৰাৱগাৰ নোহোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে গুৱাহাটীবাসী । গুৱাহাটী পৌৰ নিগমে ৰাইজৰ সুবিধাৰ্থে মহানগৰীত বিভিন্ন ব্যৱস্থা হাতত লোৱাৰ কথা উল্লেখ কৰে যদিয়ো সেয়া বাস্তৱত ফুটুকাৰ ফেনত পৰিণত হৈছে । তাৰে জ্বলন্ত ছবি দেখা গৈছে গুৱাহাটীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এলেকা দিশপুৰত স্থাপন কৰা ৰাজহুৱা প্ৰস্ৰাৱগাৰত ৷ সম্প্ৰতি কদৰ্য ৰূপলৈ পৰিণত হোৱা ৰাজহুৱা প্ৰস্ৰাৱগাৰটো নিৰ্মাণৰ কিছুদিন পিছৰে পৰা ব্যৱহাৰৰ অনুপযুক্ত হৈ পৰি আছে ৷ যাৰ বাবে পথৰ য’তে-ত’তে প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হৈছে সাধাৰণ ৰাইজে । এই সমস্যাৰ ফলত বিশেষকৈ পথচাৰী মহিলাসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

গুৱাহাটীৰ পৰিত্যক্ত ৰূপ

ইপিনে, প্ৰস্ৰাৱগাৰৰ বিষয় সন্দৰ্ভত স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি আহিছে যদিয়ো বিষয়টোত কোনো কাণসাৰ দিয়া নাই গুৱাহাটী পৌৰ নিগমে । বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া ক্ষোভ ব্যক্ত কৰিছে একাংশ লোকে । লগতে শীঘ্ৰে ৰাইজৰ অসুবিধাৰ প্ৰতি চকু দিবলৈ আহ্বান জনাইছে স্থানীয় লোকসকলে ।

স্মাৰ্ট গুৱাহাটীৰ নমুনা

লগতে চাওকঃঅখিল গগৈৰ চিকিৎসাৰ দাবীত সচেতন নাগৰিক সমাজৰ প্ৰতিবাদ

Last Updated : Mar 4, 2020, 9:18 PM IST

ABOUT THE AUTHOR

...view details