গুৱাহাটী, ২২ জানুৱাৰী :আকৌ গুৱাহাটী মহানগৰীত চুৰিকাণ্ড ৷ সোণ-ৰূপ, টকা-পইচা চুৰি কৰাৰ পাচত এইবাৰ চোৰৰ চকু ঘৰ বনাবলৈ ব্যৱহাৰ কৰা ৰডৰ ওপৰত ৷ পিচে শনিবাৰে শনিৰ দশা বেয়া আছিল ছাইদুল ইছলামৰ ৷ ৰড চুৰি কৰিবলৈ গৈ শনিবাৰে ৰাইজৰ ৰঙা ঘৰাত সোমাল ছাইদুল ইছলাম (Man detained at Basistha Theft incident) ৷ ইফালে চুৰিকাণ্ড ৰোধত মহানগৰ আৰক্ষী ব্যৰ্থ হোৱাৰ এক গুৰুত্বপূৰ্ণ অভিযোগো উত্থাপন হৈছে । এই অভিযোগ উত্থাপন কৰিছে মহানগৰীৰ বশিষ্ঠৰ একাংশ লোকে ৷ কিয়নো ৰাইজে ধৰি দিয়া চোৰক আনিব যাবলৈ বশিষ্ঠ আৰক্ষীক সময় লাগিল প্ৰায় দুই ঘণ্টা ।
ঘটনাৰ বিৱৰণি অনুসৰি, মহানগৰীৰ ঘোঁৰামৰাৰ প্ৰাক্তন আৰক্ষী বিষয়া ধীৰেন্দ্ৰ নাথ দেৱৰ নিৰ্মীয়মান চৌহদত দিনৰ প্ৰায় ১ মান বজাত প্ৰৱেশ কৰে ভঙা চিঙা সামগ্ৰী সংগ্ৰহ কৰা এজন যুৱক । যুৱকজনৰ চাল চলনত সন্দেহ ওপজাত স্থানীয় ৰাইজে আটক কৰে যুৱকজনক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ হাতত ধৰা পৰাৰ পাচত অভিযুক্ত চোৰটোক কিয় ইয়ালৈ আহিছে বুলি প্ৰশ্ন কৰে (Theft at Basistha in Guwahati) ৷
লগতে পঢ়ক :Crime in Tinsukia: তিনিচুকীয়াত চুৰিকাণ্ডৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰ গ্ৰেপ্তাৰ