গুৱাহাটী, ২৮ জুন : চলিত বৰ্ষৰ ভিতৰতে এক লাখ নতুন পদত নিযুক্তি দিয়া হ’ব বুলি দিছপুৰত অধিষ্ঠিত নতুন চৰকাৰখনে ঘোষণা কৰিছিল । চৰকাৰ গঠন কৰিয়েই এই এক লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত গঠন কৰি দিছিল এখন উচ্চস্তৰীয় সমিতি । সোমবাৰে জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী গৰাকীৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত এক লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় ।
বৈঠকত বিভিন্ন বিভাগসমূহে নিজৰ নিজৰ খালী পদৰ সংখ্যা অৱগত কৰাৰ লগতে নতুন পদ সৃষ্টিৰ বাবেও বিত্তমন্ত্ৰীক অনুৰোধ জনায় । এই উচ্চস্তৰীয় বৈঠকখনত গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে । নৱ-গঠিত জিলা কেইখনৰ ক্ষেত্ৰটো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰে বিত্তমন্ত্ৰী নেওগে ।
বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনা মৰ্মে প্ৰায় ৮০ হাজাৰ খালী পদত নিযুক্তি প্ৰদান কৰিব পৰা যাব বুলি নিশ্চিত হয় উচ্চস্তৰীয় সমিতি । ইয়াৰ লগতে আৰু বহুতো নতুন পদ বিভিন্ন বিভাগত প্ৰয়োজন সাপেক্ষে সৃষ্টি কৰিব পৰা যাব বুলিও ধাৰণা কৰা হৈছে ।