গুৱাহাটী, ২৩ এপ্ৰিল: মালিগাঁৱৰ কামাখ্যা কলনীত ৭২ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া নাবালিকা (Allegation against old man of raped minor girl in Guwahati)। অভিযুক্ত লোকজন লালগণেশৰ ৰমেশ মণ্ডল(৭২) । নাবালিকাগৰাকীৰ পৰিয়ালৰ লগত দীৰ্ঘদিনীয়া চিনাকী হোৱা সূত্ৰে তেওঁলোকৰ ঘৰলৈ অভিযুক্তজনৰ সঘন আহ-জাহ আছিল ।
শুকুৰবাৰে তেওঁ নাবালিকাগৰাকীৰ ঘৰলৈ আহিছিল আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাগৰাকীক ধৰ্ষণ কৰে বুলি নাবালিকাগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰে । ঘটনা সন্দৰ্ভত পৰিয়ালে শুকুৰবাৰে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে 376 (AB) IPC R/W SEC-6 of POCSO অধীনত 247/22 নম্বৰত এটা গোচৰ ৰুজু কৰে ।