অসম

assam

By

Published : Jun 12, 2021, 8:58 AM IST

ETV Bharat / state

ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

পূৰ্বতকৈ আৰু অধিক কাল ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব আপুনি ৷ কিয়নো ক'ভিডে স্থবিৰ কৰি তুলিছে দেশৰ ন্যায় ব্যৱস্থাক ৷ ফলস্বৰূপে আগতকৈ অধিক হাৰত বৃদ্ধি পাইছে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা । ৰাজ্যৰ আদালতসমূহত বৰ্তমান নিষ্পত্তি নোহোৱাকৈ পৰি আছে ৩,৬৭,১৬২ টা গোচৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমান ৫৩,১১৩ টা গোচৰ ৰুজু হৈ আছে ।

Number of cases pending in Assam court
ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

গুৱহাটী, 12 জুন :কৰ'ণা মহামাৰীৰ প্ৰভাৱ বিভিন্ন ক্ষেত্ৰৰ লগতে ন্যায় ব্যৱস্থাৰ ওপৰতো পৰিছে । ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰ পৰাই ন্যায়ালয়ৰ কাম-কাজসমূহ প্ৰায়ে স্থবিৰ হৈ আছে । ফলত নিষ্পত্তি নোহোৱা গোচৰেৰে ভৰি পৰিছে ৰাজ্যৰ আদালতসমূহ ।

ৰাজ্যৰ আদালতসমূহত বৰ্তমান নিষ্পত্তি নোহোৱাকৈ পৰি আছে ৩,৬৭,১৬২ টা গোচৰ । ইয়াৰে দেৱানী গোচৰৰ সংখ্যা হৈছে ৭৯,৪৬২ টা । আনহাতে বিভিন্ন আদালতত বিচাৰাধীন হৈ আছে ২,৮৭,৭০০ টা ফৌজদাৰী গোচৰ ।

ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

নেচনেল জুডিচিয়েল ডাটা গ্ৰীড(national judicial data grid)ৰ তথ্য মতে গুৱাহাটী উচ্চ ন্যায়ালয়তো বৃহৎ সংখ্যক গোচৰ নিষ্পত্তি নোহোৱাকৈ বিচাৰাধীন হৈ আছে । তথ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমান ৫৩,১১৩ টা গোচৰ ৰুজু হৈ আছে । ইয়াৰে ৪৩,০৭৮ টা দেৱানী গোচৰ আৰু ১০,০৩৫ টা ফৌজদাৰী গোচৰ । আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰিন্সিপাল ছীট(guwahati high court principal seat)ত ৪৮,৯৬০ টা গোচৰ বিচৰাধীন হৈ আছে ।

তথ্য অনুসৰি বিচৰাধীন গোচৰসমূহৰ ভিতৰত ৩০ বছৰৰ ওপৰৰ পুৰণি গোচৰৰ সংখ্যা হৈছে ২৯ টা । সেইদৰে ২০ ৰ পৰা ৩০ বছৰৰ পুৰণি বিচৰাধীন গোচৰৰ সংখ্যা হৈছে ২৭৭ টা । আনহাতে বিচৰাধীন ১০ ৰ পৰা ২০ বছৰ পুৰণি ৪,০০৬ টা, ৫ ৰ পৰা ১০ বছৰ পুৰণি ৩৯,১৯৪ টা, ৩ ৰ পৰা ৫ বছৰ পুৰণি ৫৩,৯৫৪ টা, এবছৰৰ পৰা তিনিবছৰ পুৰণি ১,৪০,৬১৯ টা আৰু এবছৰ পুৰণি ১,২৯,০৮৩ টা গোচৰ ৰাজ্যৰ বিভিন্ন আদালতত আছে ।

গুৱাহাটী উচ্চ ন্যায়ালয়( guwahati high court)ত এবছৰ পুৰণি ১৩,৫২৮ টা গোচৰ আছে । সেইদৰে এবছৰৰ পৰা তিনি বছৰ পুৰণি ২০,৮৮৪ টা, ৩ ৰ পৰা ৫ বছৰ পুৰণি ১০,০০৪ টা, ৫ ৰ পৰা ১০ বছৰ পুৰণি ৭,৭১১ টা, ১০ ৰ পৰা ২০ বছৰ পুৰণি ৯৭৩ টা আৰু ২০ ৰ পৰা ৩০ বছৰ পুৰণি ১৩ টা গোচৰ বিচৰাধীন হৈ আছে । ৰাজ্যৰ জিলা আদালত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উপৰিও বিদেশী ন্যায়াধিকৰণ(Foreigner's Tribunal) সমূহতো বহু গোচৰ বিচৰাধীন হৈ আছে । প্ৰায় ডেৰ লাখ লোকৰ ভাগ্য বিদেশী ন্যায়াধিকৰণত ওলমি আছে ।

লক্ষণীয় বিষয় যে গোচৰৰ সংখ্যা অনুপাতে আদালত আৰু বিচাৰপতিৰ অভাৱ থকাৰ বাবে গোচৰ নিষ্পত্তিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হোৱাৰ বুলি উত্থাপিত অভিযোগ নতুন নহয় । আনকি দেশৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশত বছৰ বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা গোচৰৰ প্ৰসংগক লৈ বহুবাৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল ।

উল্লেখ যে, পৰবৰ্তী সময়ত উচ্চ ন্যায়ালয়সমূহে গোচৰ নিষ্পত্তিৰ প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে সেয়া এতিয়া লৈকে কাৰ্যকৰী হোৱা নাই । ক'ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰ পৰাই ন্যায় ব্যৱস্থাটো প্ৰায় স্থবিৰ হৈ পৰিছে ৷ ফলস্বৰূপে আগতকৈ অধিক হাৰত বৃদ্ধি পাইছে নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা ।

বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিয়মীয়া কাম-কাজ ব্যাহত হৈ পৰিছে । নিৰ্বাচিত গোচৰসমূহৰ শুনানি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে গ্ৰহণ কৰি আহিছে ন্যায়ালয়ে । অৱশ্যে ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন গোচৰত প্ৰদান কৰা অন্তৱৰ্তীকালীন নিৰ্দেশনা আৰু অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ ১৫ জুনলৈ বৃদ্ধি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

লগতে পঢ়ক: ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বাজেটতে বন্ধ হ’ব "সুহৃদ"

ABOUT THE AUTHOR

...view details