জালুকবাৰী, 9 মে’: কেইবাদিনৰ উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । নিৰ্বাচনৰ ফলাফলৰ পিচতেই ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মনলৈ অহা প্ৰশ্নটোৱেই আছিল কোন হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? শনিবাৰে, নতুন দিল্লীৰ কেন্দ্ৰীয় নেতৃবৃন্দ এই বিষয়ত সিদ্ধান্তত উপনীত হ’ব নোৱাৰি অন্তিম পৰ্যায়ত বিষয়টো ঠেলিলে বিধায়িনী দললৈ ।
অৱশেষত দেওবাৰে বিধায়িনী দলৰ সভাত মুখ্যমন্ত্ৰী পদত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অধিস্থিত কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই খবৰ পোৱা লগে লগেই জালুকবাৰীৰ বিজেপিৰ সমৰ্থকৰ মাজত উঠিল আনন্দৰ লহৰ । এই সংবাদ পাই প্ৰভু দৌল গোবিন্দ মন্দিৰত চাকি জ্বলাই আশিস ল’লে অঞ্চলটোৰ বিজেপি কৰ্মীয়ে ।