গুৱাহাটী, ১৯ ডিচেম্বৰ: উত্তৰ-পূৱৰ কৃষ্টি-সংস্কৃতি, পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল ২০২০ । ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত মহানগৰীৰ হোটেল ৰেডিছন ব্লু'ত দুদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ অনুষ্ঠিত হৈছে । প্ৰতিবছৰে এই মহোৎসৱ দিল্লীত অনুষ্ঠিত হয় যদিও কৰ'ণা মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে অষ্টম সংখ্যক নৰ্থ ইষ্ট ফেষ্টিভেল দিল্লীৰ পৰিৱৰ্তে পোন প্ৰথম বাৰৰ বাবে অসমত আয়োজন কৰা হৈছে ।
মহোৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, ছিকিমৰ পৰ্যটন মন্ত্ৰী বেডু সিং পান্থ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী প্ৰমুখ্যে উত্তৰ-পূৱৰ বিভিন্ন বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল । লগতে ভাৰত চৰকাৰৰ ডনাৰ মন্ত্ৰী জীতেন্দ্ৰ সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এম বিৰেণ সিঙে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে । অতি কম সংখ্যক লোকৰ উপস্থিতিত নৰ্থ ইষ্ট ফেষ্টিভেল অনুষ্ঠিত হয় ।