অসম

assam

ETV Bharat / state

আজমলৰ নেজত ধৰি আগবাঢ়িব ইউ জি ব্ৰহ্ম! - assam news

ইউ জি ব্ৰহ্মৰ বাবেই বিটিএডিত অনাবড়োয়ে মাটি দখল কৰি বসবাস কৰি আছে । ইউ জি ব্ৰহ্মই আজমলৰ নেজত ধৰি আগবাঢ়িব বিচাৰিছে । ব্ৰহ্মই সংসদত মাত মতাটো দূৰৈৰে কথা বড়ো জাতিক লৈ অনাগত দিনত বেপাৰহে কৰিব ৷ তেনে এজন জনপ্ৰতিনিধিয়ে সংসদত গৈ কি মাত মাতিব বুলি ক্ষোভ উজাৰে পৃথ্বিৰাজ নাৰায়ণে ৷

আজমলৰ নেজত ধৰি আগবাঢ়িব ইউ জি ব্ৰহ্ম!

By

Published : Apr 20, 2019, 11:33 PM IST

গুৱাহাটী, 20 এপ্ৰিলঃ ইউপিপিএলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ বাবেই কোকৰাঝাৰৰ ভূমিত অনাবড়োৱে মাটি দখল কৰিছে ৷ বি টি এডিৰ কেইবালাখ হেক্টৰ ভূমিত এতিয়া অনাবড়োৰ দখল ৷ এই অভিযোগ 'দ্যা ভইচ অফ বড়োলেণ্ড' বাতৰি কাকতৰ প্ৰাক্তন মুখ্য সম্পাদক ৰাজকুমাৰ পৃথ্বিৰাজ নাৰায়ণৰ ৷ ‌শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ উত্থাপন সাংবাদিকজনে ‌। ইউ জি ব্ৰহ্মৰ বাবেই বিটিএডিত অনাবড়োয়ে মাটি দখল কৰি বসবাস কৰি আছে । ইউ জি ব্ৰহ্মই আজমলৰ নেজত ধৰি আগবাঢ়িব বিচাৰিছে । ব্ৰহ্মই সাংসদত মাত মতাটো দূৰৈৰে কথা বড়ো জাতিক লৈ অনাগত দিনত বেপাৰহে কৰিব ৷ তেনে এজন জনপ্ৰতিনিধিয়ে সংসদত গৈ কি মাত মাতিব বুলি ক্ষোভ উজাৰে পৃথ্বিৰাজ নাৰায়ণে । চাৰে চাৰি লাখতকৈ অধিক বিঘা অজনজাতীয় তথা বিদেশী প্ৰব্ৰজনকাৰীৰ হাতত বিটিএডি বেদখল হৈছে বুলিও মন্তব্য কৰে ব্যক্তিজনে । ঘটনা সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে সাংবাদিকজন । বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ উপৰিও ভোটাধিকাৰ কৰ্তন কৰিব লাগে বুলিও দাবী উত্থাপন নাৰায়ণৰ ।

আজমলৰ নেজত ধৰি আগবাঢ়িব ইউ জি ব্ৰহ্ম!

ABOUT THE AUTHOR

...view details