গুৱাহাটী, 20 অক্টোবৰ :অসমীয়া চলচ্চিত্ৰ জগতখনলৈ আহিছে এক সুখবৰ । বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰৰ মনোনয়নৰ তালিকাত অন্তৰ্ভূক্ত হ’বৰ বাবে ইয়াৰ প্ৰাথমিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে অসমীয়া চলচ্চিত্ৰ ব্ৰীজে।
ইতিমধ্যে ভাৰতৰ পৰা "অস্কাৰ"ৰ বাচনি তালিকাত অন্তৰ্ভুক্ত হৈছে "ব্ৰীজ" । এই বৰ্ষত মুঠ ১২ খন ভাৰতীয় চিনেমা আছে এই তালিকাত । ইয়াৰে পৰা এখন চিনেমা জুৰিয়ে বাচনি কৰি "অস্কাৰ"ত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মানৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে পঠিয়াব । ব্ৰীজৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালক কৃপাল কলিতাৰ ।
উল্লেখ্য যে, ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে দেশ-বিদেশৰ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ সুনাম কঢ়িয়াই আনিছে । এই বিষয়ে ইটিভি ভাৰতৰ এক সাক্ষাৎকাৰত পৰিচালক কৃপাল কলিতাই (Kripal kalita)কয় যে, ভাৰতবৰ্ষৰ পৰা অস্কাৰৰ বাবে ছবি মনোনীত কৰা হয় ৷ এই বৰ্ষত মনোনীত ১২ খন ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত ব্ৰীজ অন্যতম । ১৮ অক্টোবৰৰ পৰা উক্ত ছবিসমূহৰ স্ক্ৰীনিং পৰ্যায় আৰম্ভ হৈছে ।
লগতে পঢ়ক :বৰষা-বৰুণৰ বিয়া; আনন্দত মচগুল বেলিমুখীয়া চাংমাই গাঁওবাসী