গুৱাহাটী, ১৬ জুলাই: গুৱাহাটী মহানগৰীৰ বিভিন্ন পাহাৰ অঞ্চলত দীৰ্ঘ সময়ৰ পৰা বহুলোকে বসবাস কৰি আহিছে ৷ কিন্তু, ইয়াৰ পাচতো বৰ্তমানলৈকে পট্টা নোপোৱাকৈ থকা লোকসকলক শীঘ্ৰে পট্টা প্ৰদান কৰিব চৰকাৰে । শুকুৰবাৰে, বিধানসভা(Assam assembly)ত বিত্তমন্ত্ৰী(finance minister)এ বাজেট দাখিল কৰাৰ পাচতে এখন সংবাদমেলত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, "যিসকল প্ৰকৃত ভাৰতীয় লোক পাহাৰত পূৰ্বৰে পৰা বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ(eviction) কিম্বা স্থানান্তৰ কৰা নহয় । বৰং তেওঁলোকক ভূমি পট্টা(land patta) প্ৰদান কৰি সেই ঠাইতে সংস্থাপিত কৰা হব । কিন্তু, নতুনকৈ কোনো লোকে পাহাৰত বসতি স্থাপন কৰিব খুজিলে তেওঁলোকক তাৰ পৰা আতৰাই পঠিওৱা হ’ব ।