অসম

assam

ETV Bharat / state

ব'হাগৰ বতৰত নিজম হৈ ৰৈছে মহানগৰীৰ মাদাৰ বৃদ্ধাবাস

ৰাজ্যজুৰি অসমীয়াৰ মাজত ম্লান পৰিছে ৰঙালী বিহুৰ পূৰ্বৰ উচাহ । নিজম হৈ ৰৈছে মহানগৰীৰ মাদাৰ বৃদ্ধাবাসো ।

By

Published : Apr 13, 2020, 12:22 PM IST

no bihu celebration in mother old age home guwahati
no bihu celebration in mother old age home guwahati

গুৱাহাটী, 13 এপ্ৰিলঃকৰ'ণাৰ ভয়াৱহতাই ম্লান কৰিছে অসমীয়াৰ চেনেহৰ ৰঙালী বিহুটিৰ আনন্দ । লক ডাউনত আৱদ্ধ প্ৰতিগৰাকী লোকেই এইবেলি যুঁজ দিছে কৰ'ণাৰ বিৰুদ্ধে । ৰঙালীৰ এনে সময়ত এতিয়া নিজম হৈ ৰৈছে মহানগৰীৰ মাদাৰ বৃদ্ধাবাসো । পূৰ্বতে বিহুৰ দিনটোত এই আবাসৰ আইতাসকলে বিহুনাম গাই ফূৰ্তি কৰিছিল । যোৱা বৰ্ষতো কেইবাগাকীও শিল্পীৰ স'তে গীত গাই, নাচি তেওঁলোকে উদযাপন কৰিছিল ৰঙালী বিহু । কিন্তু আজি তেওঁলোকৰ মাজত নাই পূৰ্বৰ সেই উচাহ ৷ তাৰ পৰিৱৰ্তে কৰ'ণাৰ পৰা সকলোকে সাৱধানে থকিবলৈ আহ্বান জনালে বৃদ্ধাৱাসটোৰ আইতাসকলে ।

ব'হাগৰ বতৰত নিজম হৈ ৰৈছে মহানগৰীৰ মাদাৰ বৃদ্ধাবাস

ABOUT THE AUTHOR

...view details